অপৰাধঅসম

বিদ্যুত বিভাগৰ আজৱ কাণ্ড! বিদ্যুত সংযোগ নিদিয়াকৈ গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল…

ভাৰত-ভূটান সীমান্তৰ পুৰাণ চাওতাল বস্তিত বিদ্যুত বিভাগৰ বৰমা-বৰঝাৰ উপ-সংমণ্ডলৰ অধীনত বিদ্যুত সংযোগ কৰা হৈছিল যদিও গাঁওখনত থকা ট্ৰেন্সফৰ্মাৰটো বিগত এবছৰ ধৰি বিকল হৈ আছে

বিদ্যুত বিভাগৰ আজৱ কাণ্ড৷ বিদ্যুত সংযোগ নিদিয়াকৈ গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল৷ বিদ্যুত বিভাগৰ টোগলকী কাণ্ডত চিন্তিত ৰাইজ৷

বাক্সাৰ বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰাণ চাওতাল বস্তিত সংঘটিত হৈছে এই ঘটনা৷ ভাৰত-ভূটান সীমান্তৰ পুৰাণ চাওতাল বস্তিত বিদ্যুত বিভাগৰ বৰমা-বৰঝাৰ উপ-সংমণ্ডলৰ অধীনত বিদ্যুত সংযোগ কৰা হৈছিল যদিও গাঁওখনত থকা ট্ৰেন্সফৰ্মাৰটো বিগত এবছৰ ধৰি বিকল হৈ আছে৷ যাৰফলত গাঁওখন বিগত এবছৰ ধৰি বিদ্যুতৰ পোহৰ লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷

গাঁওখনৰ ৰাইজে বিদ্যুত বিভাগক ট্ৰেন্সফৰ্মাৰটো সলনি কৰি দিবলৈ আবেদন কৰিলেও কোনো সুফল পোৱা নাই ৷ তাৰ বিপৰিতে বিদ্যুত বিভাগে মাহে মাহে গাঁওখনৰ প্ৰতিটো পৰিয়াল লৈ প্ৰেৰণ কৰি আহিছে বিদ্যুতৰ বিল৷ যাৰ পৰিপ্ৰেক্ষিতত বিদ্যুত সংযোগ নোহোৱাকৈ পৰিয়ালসমূহলৈ বিভাগটোৱে বিদ্যুতৰ বিল প্ৰেৰণ কৰাত চিন্তিত হৈ পৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − sixteen =

Back to top button