
ৰাজ্যৰ ইতিহাসৰ এক বহু প্ৰতীক্ষিত মৃত্যুতদন্তৰ চাৰ্জশ্বীট দাখিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা CJM আদালতত দাখিল। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয়, হত্যাৰ বলি হৈছিল তেওঁ। SITএ আদালতত দাখিল কৰা CHARGESHEETত এই তথ্য উল্লেখ….
কাৰাৰুদ্ধ ৪ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ। BNSৰ ১০৩ ধাৰা প্ৰয়োগ সিদ্ধাৰ্থ, শ্যামকানু, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ বিৰুদ্ধে।
অৱশেষত সেই দিনটো ইতিমধ্যে আহিল। ৮৪ দিনৰ অন্তত SITএ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালত দাখিল কৰিলে অভিযোগনামা। প্ৰায় ১২০০০ পৃষ্ঠাৰ এই অভিযোগনামা লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক উৎকণ্ঠা, কৌতুহল। সেই কৌতুহলৰ অন্ত পেলাই SITএ প্ৰস্তুত কৰা অভিযোগনামা দলটোৰ ৩ বিষয়া ক্ৰমে ৰজী কলিতা, মৰমী দাস, লৱ কুমাৰ ডেকাই শুকুৰবাৰে দুপৰীয়া আদালতত দাখিল কৰে। জুবিনৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৭ অভিযুক্ত এতিয়া কাৰাগাৰত
“জুবিনৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যাহে”- SITৰ তদন্তৰ মাজতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল এই তথ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ দোহাৰি থকাৰ দৰেই কাৰাগাৰত আবদ্ধ ৭ অভিযুক্তৰ ভিতৰত জুবিন গাৰ্গৰ ব্যক্তিগত সচিব সিদ্ধাৰ্থ শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু সহশিল্পী অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা প্ৰয়োগ কৰিছে SITএ।
জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ ১০৫ ধাৰা লগোৱা হৈছে। এই ধাৰা হৈছে যে কোনো এজন লোকৰ হত্যাৰ সময়ত সেই দৃশ্য বা প্ৰেক্ষাপটত চকুৰে দেখিছিল। এক কথাত সন্দীপনে সেই হত্যাকাণ্ডৰ কথা অৱগত আছিল!
জুবিনৰ ২ দেহৰক্ষীৰ বিৰুদ্ধে বিশ্বাসভংগৰ অভিযোগ। PSO নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ বিৰুদ্ধে ৩১৬ ধাৰা সন্নিবিষ্ট অভিযোগনামাত। CJM আদালতত অভিযোগনামা অধ্যয়ন কৰিব ন্যায়াধীশে। তাৰপিছতেই অচিৰেই সত্ৰ ন্যায়াধীশৰ আদাললৈ প্ৰেৰণ কৰিব। ফাষ্টট্ৰেক আদালতত গোচৰটো চলিলে ন্যায় প্ৰক্ৰিয়া সহজ হ’ব।
অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই হত্যাকাণ্ডৰ আঁৰত এজন বিশেষ ব্যক্তি আছিল বুলি মন্তব্য কৰিছিল আৰু লগতে কৈছিল কেইবাবছৰ ধৰি জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰা হৈছিল। অভিযোগনামাত এই তথ্য সন্নিবিষ্ট হৈছেনে নাই সেয়া জানিবলৈ অভিযোগনামাৰ পৰ্যালোচনাৰ প্ৰয়োজন হ’ব। অভিযোগনামা ৰাজহুৱা হলে সেই কথা পোহৰলৈ আহিব। কিন্তু এই অভিযোগনামাই প্ৰমাণ কৰিলে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয়, হত্যাৰ বলি হৈছিল সকলোৰে প্ৰাণৰ শিল্পীজন।

