
উত্তাল সংসদ …..
উত্তাল সংসদৰ শীতকালীন অধিৱেশন। লোকসভাত বিৰোধীৰ ভোটচুৰিৰ শ্ল’গান। বিহাৰৰ পৰাজয়ৰ বাবেই বিৰোধীক কটাক্ষ মোদীৰ।
সমুখ সমৰত মোদী-প্ৰিয়ংকা…….
সংসদৰ ভিতৰত নহয়, সংসদৰ শীতকালীন অধিবেশন আৰম্ভৰ পূৰ্বেই শাসক-বিৰোধীৰ বাক-যুদ্ধ। সদনত প্ৰবেশৰ পূৰ্বেই
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধীক তিৰস্কাৰ। বিহাৰৰ নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱা বিৰোধীক কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “কেইটামান দলে পৰাজয় হজম কৰিব পৰা নাই, কিন্তু সংসদ হতাশা প্ৰকাশৰ মাধ্যম নহয়।” সংসদ নাটকৰ মঞ্চ নহয় বুলিও বিৰোধীক কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বিৰোধীক তাচ্ছিল্য কৰা প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। মোদীক উভতি ধৰিলে প্ৰিয়ংকাই। “ৰাজহুৱা স্বাৰ্থ জড়িত প্ৰশ্ন কৰাতো কেনেকৈ নাটক হ’ব পাৰে? নিৰ্বাচন, SIR আৰু প্ৰদূষণ জলন্ত সমস্যা। সদনত এই ইছ্যুৰ ওপৰত আলোচনা হ’ব লাগে।”- প্ৰিয়ংকা গান্ধী। সংসদ কিহৰ বাবে বুলি প্ৰশ্ন কৰি প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি কয় যে, “এই বিষয়বোৰ আলোচনা কৰিবলৈ নিদিয়াটোহে নাটক।” SIR আৰু প্ৰদূষণৰ ওপৰত সংসদত কিয় আলোচনা কৰিবলৈ দিয়া হোৱা নাই বুলি প্ৰশ্ন কৰে প্ৰিয়ংকা গান্ধীয়ে।. ইয়াৰ পূৰ্বে এক উত্তপ্ত বাক বিতণ্ডাৰ মাজত সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হয়। অধিৱেশনৰ আৰম্ভণিতে লোকসভাত বলীউদৰ অভিনেতা ধৰ্মেন্দ্ৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পাছতে বিৰোধীয়ে SIRৰ ওপৰত আলোচনাৰ দাবীত সদন উত্তাল কৰি তোলে। লোকসভাত অধ্যক্ষৰ আসনৰ কাষলৈ গৈ ‘ভোট চুৰি বন্ধ কৰক’ বুলি শ্ল’গান দিয়ে বিৰোধীয়ে। ভোটচুৰি শ্ল’গানেৰে উত্তাল লোকসভা। প্ৰধানমন্ত্ৰী মোদীক নাটক কৰা বুলিও কটাক্ষ বিৰোধীৰ। ফলত ১৯ মিনিটৰ বাবে সদন স্থগিত ৰাখিব লগীয়া হয়। সদন পুনৰ আৰম্ভ হোৱাৰ পাছতো বিৰোধী সাংসদসকলে প্লে কাৰ্ড লৈ SIRৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধীৰ এই কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে লোকসভাৰ অধ্যক্ষ ওম বীৰলাই। পিছলৈ অধ্যক্ষই দিনটোৰ বাবে লোকসভা স্থগিত ৰাখে। ইয়াৰ মাজতেই লোকসভাত মনিপুৰ GST, কেন্দ্ৰীয় আবকাৰী সংশোধনী বিধেয়ক উত্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।
