অপৰাধঅসমস্বাস্থ্য

ৰেচনৰ চাউলৰ নামত বৰ বিহ

সুলভ মূল্যৰ দোকানৰ পৰা অনা চাউলৰ বনোৱাৰ পাছত হৈ পৰে বেঙুনীয়া

ৰেচনৰ চাউলৰ নামত একাংশ লোকে খাবলৈ বাধ্য হৈছে নেকি  বৰ বিহ? তেনে এক ঘটনা পোহৰলৈ আহিছে তেজপুৰত।

তেজপুৰৰ এটি দৰিদ্ৰ পৰিয়ালে সুলভ মূল্যৰ দোকানৰ পৰা অনা চাউলৰে ভাত বনোৱাৰ পিছতেই ভাতখিনি বেঙুনীয়া বৰণৰ হৈ পৰাত শংকিত হৈ পৰিছে পৰিয়ালটি।

তেজপুৰৰ পৰোৱা চাৰিআলিৰ সমীপৰ কমলা নগৰৰ জুনু বড়ো নামৰ মহিলা গৰাকীৰ ঘৰত ৰেচনৰ চাউলক লৈ ঘটিছে এক অথন্তৰ। জুনু বড়ো দীৰ্ঘদিনে কমলা প্ৰসাদ মেমৰিয়েল বিদ্যালয়ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিয়োজিত হৈ বিদ্যালয়খনৰ চৌহদৰ এটি গৃহতেই বসবাস কৰি আহিছে।

জুনু বড়োৰ দৰিদ্ৰ পৰিয়ালটোৱে ৰঙাপৰাৰ ডুবডুবিৰ ৰেচন দোকানৰ চাউলেৰে চলি আহিছে। শেহতীয়াকৈ সেই চাউলৰ পৰা বনোৱা ভাত বেঙুনীয়া বৰণৰ হোৱাত এতিয়া আতংকিত হৈ পৰিছে পৰিয়ালটি।

এনে চাউলৰ ভাত খাই পৰিয়ালটোৰ কণ কণ শিশুৰ লগতে আন সদস্য সকলৰ জ্বৰৰ লক্ষণ দেখা দিয়াত বিপদত শংকিত হৈ পৰিছে জুনু বড়োৰ পৰিয়াল।

আনহাতে এই সন্দৰ্ভত ৰূপকোঁৱৰৰ ভতিজী,  বিশিষ্ট সমাজকৰ্মী তথা কমলা প্ৰসাদ মেমৰিয়েল বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী ভূঞাই সমগ্ৰ ঘটনাটোত উদ্বেগ প্ৰকাশ কৰি সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্ত বিচাৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.