Socialঅসম

অৰুণাচল ভ্ৰমণৰ পিছত গুৱাহাটী আইআইটিত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মনসুখ মান্দাভিয়া

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে আইআইটি গুৱাহাটীত উপস্থিত হয় ড০ মান্দাভিয়া।

দুদিনীয়া অৰুণাচল প্ৰদেশ ভ্ৰমণ সামৰি পুনৰ গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মনসুখ মান্দাভিয়া।

দেওবাৰে, টাৱাঙৰ পৰা হেলিকপ্টাৰেৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। তাৰপিছতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে আইআইটি গুৱাহাটীত উপস্থিত হয় ড০ মান্দাভিয়া।

উল্লেখ্য যে, আইআইটিত এইমছ গুৱাহাটীৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। এইমছলৈ চিকিৎসা প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বিষয়ে আইআইটি, গুৱাহাটীৰ সঞ্চালকৰ সৈতে বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + eighteen =

Back to top button