অসমখাদ্য

এক থালী বিৰিয়ানিত এখন বুলেট, বিৰিয়ানিপ্ৰেমীলৈ সুখবৰ দিলে দ্য বিৰিয়ানি কিংদমে

এই ৰেষ্টুৰেন্টখনৰ মুকলি অনুস্থানত উপস্থিত থাকে মণিকংকনা দত্ত, ডা° বৰ্ণালী শৰ্মাৰ লগতে যুৱ নেতা ৰাহুল দেব বৈশ্য। উল্লেখ্য যে, দ্য বিৰিয়ানি কিংদমত মাত্ৰ ৯৯ টকাৰ পৰা আৰম্ভ হৈছে বিৰিয়ানিৰ থালি।

আপুনি বিৰিয়ানি খাই ভাল পায়নে? বিৰিয়ানি ভাল পাই যদি আপোনাৰ বাবে আছে এটা ভাল খবৰ। কিয়নো কেৱল এখন বিৰিয়ানি থালী খাই আপুনি লাভ কৰিব এখন বুলেট। বিৰিয়ানি খাই ভালপোৱাসকলৰ বাবে এই বিশেষ অফাৰ দিছে গুৱাহাটীৰ দ্য বিৰিয়ানি কিংদমে।

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথবাৰৰ মুকলি কৰা হ’ল বুলেট থালী। কেৱল মাত্র এখন বিৰিয়ানিৰ থালী খাই গ্ৰাহকে লাভ কৰিব বুলেট 350। এই বাম্পাৰ অফাৰ দিছে চুপাৰমাৰ্কেটষ্ঠিত দ্য বিৰিয়ানি কিংডমে। অৱশ্যে বিৰিয়ানি খাব পাৰিলেহে আপুনি লাভ কৰিব বুলেট, অন্যথা ভৰিব লাগিব ২৪০০ টকা।

এই ৰেষ্টুৰেন্টখনৰ মুকলি অনুস্থানত উপস্থিত থাকে মণিকংকনা দত্ত, ডা° বৰ্ণালী শৰ্মাৰ লগতে যুৱ নেতা ৰাহুল দেব বৈশ্য। উল্লেখ্য যে, দ্য বিৰিয়ানি কিংদমত মাত্ৰ ৯৯ টকাৰ পৰা আৰম্ভ হৈছে বিৰিয়ানিৰ থালী।

গুৱাহাটীৰ দ্য বিৰিয়ানি কিংদমত এতিয়া বিৰিয়ানি খাবৰ বাবে ভিৰ কৰিছে বহুতেই। যদি আপুনি বিৰিয়ানি খাই ভাল পায় তেন্তে পলম নকৰি এবাৰ আহক দ্য বিৰিয়ানি কিংদমলৈ আহক আৰু জিকি লৈ যাওক বুলেট 350।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 8 =

Back to top button