AssamEntertainmentFilmnorth eastViralঅভিনয়অসমফেশ্বনবলিউডভাৰতমনোৰঞ্জন
Trending

বলিউডত খোজ দিলে অসমৰ এগৰাকী অভিনেত্ৰীয়ে

ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱীৰ সৈতে একেখন পৰ্দাতে দেখা যাব অসমৰ অভিনেত্ৰীগৰাকীক

অসমবাসীৰ বাবে সুখবৰ।বলিউডত খোজ দিলে অসমৰ এগৰাকী অভিনেত্ৰীয়ে।অসমীয়া ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি হিন্দী ধাৰাবাহিকলৈকে তেওঁৰ এক বৰ্ণিল যাত্ৰা । অসম কন্যা সুৰভি দাসক এইবাৰ অসমবাসীয়ে দেখা পাব এক ব্যতিক্ৰমী ৰূপত ।বলিউডৰ বিখ্যাত অভিনেতা ৰণবীৰ কাপুৰ আৰু দাক্ষিণাত্যৰ মোহময়ী অভিনেত্ৰী ছাই পল্লৱীৰ সৈতে একেখন পৰ্দাতে দেখা যাব অসম কন্যা সুৰভি দাসক।অর্থাৎ নীতেশ তিৱাৰীৰ পৰিচালনাত পৰিচালিত ৰামায়ণৰ কাহিনীভিত্তিক এই বিগ বাজেটৰ ছবিখনত অসম কন্যা সুৰভি দাসক দেখা যাব এক বিশেষ চৰিত্ৰত। চৰ্চা অনুসৰি শত্ৰুঘ্নৰ পত্নী হিচাপে উক্ত ছবিখনত অভিনয় কৰিব সুৰভি দাসে।ইতিমধ্যে বহু প্ৰত্যাশিত চিনেমাখনৰ তিজাৰটো ৩জুলাইত মুকলি কৰা হৈছে।ছবিখনৰ তিজাৰ মুকলিৰ পিছতেই সামাজিক মাধ্যমত অনুৰাগীসকলক মোহিত কৰি তুলিছে। ইয়াৰ পূৰ্বে colors tv ৰ বিখ্যাত ধাৰাবাহিক ”Nima denzongpa”ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সুৰভি দাসে।এক প্ৰকাৰত ক’বলৈ গ’লে কেৱল অসমতেই নহয় হিন্দী ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি বলিউডৰ লৈকে নিজৰ অভিনয়ৰে খলকনিৰ সৃষ্টি কৰিছে এই গৰাকী অসম কন্যা সুৰভি দাসে। সুৰভি দাসৰ এই যাত্ৰাক আপুনিও জনাওঁক শুভ কামনা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − three =

Back to top button