১ জানুৱাৰীৰ পৰা বন্ধ হ’ব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল। শনিবাৰে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ১ জানুৱাৰী, ২০২২ৰ পৰা বন্ধ হ’ব MMCHৰ কাম-কাজ।
১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ কাম-কাজ আৰম্ভ কৰাৰ বাবেই বন্ধ হ’ব MMCH। MMCH আৰু কালা পাহাৰ হাস্পতালক সংলগ্ন কৰি নতুন মেডিকেল কলেজৰ কাম আৰম্ভ কৰা হ’ব। ১০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব গুৱাহাটীৰ দ্বিতীয়খন ১৮ মহলীয়া হাস্পতালৰ নিৰ্মাণ কাৰ্য।
Services at Mahendra Mohan Choudhury Hospital will be shut from Jan 1, 2022 as construction of Guwahati's 2nd medical college will begin.
Pandu FRU & the hospital at Dhirenpara will be run by GMCH for the patients undergoing treatment at MMCH. pic.twitter.com/3HeRwRb9wZ
— Himanta Biswa Sarma (@himantabiswa) December 18, 2021
এই সময়ছোৱাত পাণ্ডু FRU আৰু ধীৰেনপাৰা হাস্পতালখন গুৱাহাটী মেডিকেল কলেজখন GMCHয়ে চলাব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। MMCHত চিকিৎসাধীন হৈ থকা ৰোগীসকলক চোৱা-চিতা কৰিব MMCHয়ে।
MMCHত কৰ্মৰত কৰ্মচাৰীসকলে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ মু্খ্যমন্ত্ৰীৰ। সকলোকে ধীৰেনপাৰা, পাণ্ডু আৰু GMCH আদিত নিয়োগ কৰা হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।। ঠিকা ভিত্তিক কৰ্মচাৰী সকলকো অন্য স্থানত নিয়োজিত কৰা হ’ব।
