অসমৰঙিয়া

ৰঙিয়া মহকুমাক সমজিলালৈ উন্নীত

স্থানীয় নাগৰিক সমাজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ অসন্তোষৰ

ৰঙিয়া মহকুমা সমজিলালৈ উন্নীত, কিন্তু ক্ষমতা কৰ্তন, নিৰ্বাচন কাৰ্যালয় স্থানান্তৰত তীব্ৰ প্ৰতিক্ৰিয়া। নাগৰিক মঞ্চ ৰঙিয়াৰ উদ্যোগত ৰঙিয়া প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত ৰঙিয়া মহকুমাক সমজিলালৈ উন্নীত কৰা সত্ত্বেও ইয়াৰ ক্ষমতা কৰ্তনৰ বিষয়টো লৈ তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰা হয়। সংবাদ মেলত মঞ্চৰ সভাপতি অনন্ত ডেকাই কয় যে, ৰঙিয়া নিৰ্বাচন কাৰ্যালয়ক কামৰূপ জিলাৰ আমিনগাঁও সদৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত‌ই স্থানীয় নাগৰিক সমাজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি কৰিছে। ভিভিপেট, ইভিএম আদি নিৰ্বাচনী সামগ্ৰীসমূহো স্থানান্তৰ কৰাৰ এই সিদ্ধান্তক তীব্ৰ নিন্দা কৰে নাগৰিক মঞ্চ‌ই। ৰঙিয়াক সদৰ হিচাপে লৈ “উত্তৰ কামৰূপ জিলা” গঠনৰ দাবী বহুকাল ধৰি উঠি অহা সত্বেও বৰ্তমান ৰঙিয়া সমজিলাৰ অধিকাৰ কৰ্তন  কৰাহে দেখা গৈছে বুলি ক্ষোভ প্ৰকাশ কৰে। পূৰ্বৰ ব্যৱস্থাত মনোনয়ন পত্ৰ দাখিলৰ বাবে স্থানীয় মহকুমাধিপতি কাৰ্যালয়তেই কামবোৰ সম্পন্ন কৰিব পৰা গৈছিল, কিন্তু এতিয়া জিলা সদৰলৈ গৈ মনোনয়ন দাখিল কৰিব লগা হ’ব। ইয়াৰ ফলত ভোটাৰ, প্ৰতিনিধি আৰু সাধাৰণ নাগৰিকসকলে অধিক ধন আৰু সময় খৰচ কৰিব লগা হ’ব। ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ, নাম সংশোধন আদি কাৰ্যৰ বাবে আমিনগাঁওলৈ যাব লগা হ’ব – যি সিদ্ধান্তক “অযৌক্তিক আৰু জনবিৰোধী” বুলি অভিহিত কৰে। মঞ্চ‌ই প্ৰশ্ন উত্থাপন কৰি কয় যে ৪০ বছৰ ধৰি ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচন ৰঙিয়া নিৰ্বাচন কাৰ্যালয়ৰ অধীনতে সম্পন্ন হৈ আহিছে, তেনেস্থলত এতিয়া এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টো স্থানান্তৰ কৰাৰ প্ৰয়োজন কিয়?” — এই প্ৰশ্নই বিভিন্ন সন্দেহৰ সৃষ্টি কৰিছে। সংগঠনটোৱে এই সিদ্ধান্তক “ৰাইজৰ ওপৰত অন্যায় বুলি বৰ্ণনা কৰি বিষয়টো লৈ ঐক্যবদ্ধ আন্দোলনৰ আহ্বান জনাইছে। তেওঁলোকে ৰাজ্য চৰকাৰক এই বিষয়ত তৎপৰতাৰে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে আৰু স্থানীয় বিধায়ককো বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে। নাগৰিক মঞ্চৰ দাবী, ৰঙিয়া নিৰ্বাচন কাৰ্যালয় পূৰ্বৰ স্থানতে বাহাল ৰখা হ’ব লাগিব, নতুবা জনমতক উপেক্ষা কৰাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ় লৈ উঠিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + one =

Back to top button