Assamঅসম

বৰদৈচিলাৰ হাতত ধৰি নামিছে ব’হাগ, হেঁপাহবোৰক খুন্দিয়াইছে , জুবিন নামৰ এটি উশাহে…

জুবিন গাৰ্গ অবিহনে এই ব’হাগ আধৰুৱা। যি কণ্ঠৰ মাদকতাই আমাৰ ডেকা-গাভৰুৰ তেজত নাচনীৰ খোপাত কপৌ ফুল ফুলিছিল, সেই কণ্ঠ আজি নিস্তব্ধ। 'নাহৰৰ ফুলাৰ বতৰ'ৰ পৰা আৰম্ভ কৰি শেহতীয়া বিহুগীতলৈকে, জুবিনৰ গানেই অসমীয়া ডেকা-গাভৰুৰ মনত বিহুৰ জোৱাৰ আনে। । জুবিনৰ কণ্ঠত নাহৰ নুশুনিলে যেন ব’হাগৰ সন্ধিয়াই পূৰ্ণতা নাপায়।

ব’হাগ আহিল, গছৰ ডালত বিনাইছে কুলিয়ে, বতাহত কপৌ ফুলৰ কেঁচা গোন্ধ। গাঁৱৰ নামঘৰৰ চোতালত বিহুৰ আখৰা চলিছে। ঢোলৰ চেৱত ডেকা-গাভৰুৰ তেজ যেন উতলি উঠিছে। এক কথাত ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ শাৰীৰে ক’ব পাৰি—”ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ”। ব’হাগ মানেই হ’ল প্ৰাণৰ স্পন্দন, নতুন আশা আৰু অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য আৱেগ। পিছে এই ব’হাগ আধৰুৱা, শূন্যতাক বুকুত সামৰি এইবাৰ উদাস হৈ ব’হাগ আহিছে। এইবাৰৰ ব’হাগৰ সেই মাদকতা নাই। কাৰণ এতিয়া অসমীয়াৰ বুকু শুদা। সেই বিশেষ কণ্ঠ অবিহনে অসমীয়া নিঠৰুৱা। অসমীয়াৰ বাবে ব’হাগ মানেই কেৱল কুলিৰ মাত বা ঢোলৰ গুমগুমণি নহয়, ব’হাগ মানেই হ’ল জুবিন গাৰ্গৰ সেই যাদুকৰী কণ্ঠ। বিহুৰ মঞ্চত তেওঁৰ উপস্থিতি অবিহনে যেন উৎসৱটোৱে পূৰ্ণতা নাপায়। ব’হাগৰ নাহৰ ফুলিছে ঠিকেই, কিন্তু নাহৰৰ কথা কৈ জাতিক জগাবলৈ নাহৰ ভালপোৱা মানুহজনেই নাই। নাহৰৰ তীব্ৰ ৰাগি লগা সুবাস যেন এইবাৰ নাই, অকণমান উদাস।

ব’হাগ আহিল বুলি বিনাই থকা কুলিজনীক কোনে বুজাব?…ব’হাগৰ বতৰা দিয়া সেই কণ্ঠটি নাই। জুবিন গাৰ্গ অবিহনে এই ব’হাগ আধৰুৱা। যি কণ্ঠৰ মাদকতাই আমাৰ ডেকা-গাভৰুৰ তেজত নাচনীৰ খোপাত কপৌ ফুল ফুলিছিল, সেই কণ্ঠ আজি নিস্তব্ধ। ‘নাহৰৰ ফুলাৰ বতৰ’ৰ পৰা আৰম্ভ কৰি শেহতীয়া বিহুগীতলৈকে, জুবিনৰ গানেই অসমীয়া ডেকা-গাভৰুৰ মনত বিহুৰ জোৱাৰ আনে। । জুবিনৰ কণ্ঠত নাহৰ নুশুনিলে যেন ব’হাগৰ সন্ধিয়াই পূৰ্ণতা নাপায়। জুবিন নোহোৱা মানেই বিহুৰ উন্মাদনাৰ মৃত্যু হোৱা। যাৰ বাবে ঢোলৰ চেওঁতকৈয়ো বেছি আজি যেন মানুহৰ মনবোৰত তেওঁৰ অনুপস্থিতিৰ বিষাদহে বাজি উঠিছে। জুবিন অবিহনে আমাৰ ব’হাগটো সঁচাকৈয়ে কঙাল।

প্ৰতিটো বিহুৰ মঞ্চত যি উন্মাদনা আছিল, যি আবেগ আছিল, সেইয়া যেন আজি কঙাল হৈ পৰিছে। জুবিনৰ গান নোহোৱাকৈ বিহুৰ ঢোলৰ মাতটোও যেন অজানিতে থমকি ৰৈছে। সেই নিৰ্ভেজাল হাঁহি, সেই নিভাঁজ মৰম আৰু মঞ্চৰ সেই যাদুকৰী উপস্থিতিক আজি প্ৰতিজন অসমীয়াই বৰকৈ স্মৰণ কৰিছে। তেওঁ অবিহনে আমাৰ ব’হাগটোৱে যেন প্ৰাণটোকে হেৰুৱাই পেলাইছে। কুলিৰ মাতে অসমীয়াক ব’হাগ অহাৰ বাতৰি দিলে ঠিকেই, কিন্তু মনটোৱে যেন কিবা এটা বিচাৰি হাহাকাৰ কৰিছে। বিহুৰ মঞ্চত সেই বগা চাৰ্টটো পিন্ধি থিয় হোৱা মানুহজনৰ অভাৱত আজি আমাৰ ডেকা-গাভৰুৰ মন বিহুৰ আনন্দত মতলীয়া হোৱা নাই।

প্ৰতি বছৰে ব’হাগ অহাৰ আগে আগে আমি অপেক্ষা কৰোঁ জুবিনৰ নতুন বিহু এলবাম বা গীতলৈ। তেওঁৰ কণ্ঠত ‘নাহৰ’ বা ‘জানমণি’ৰ সুৰ বাজি উঠা মানেই বুজি পোৱা যায় যে বিহু আহি পালে। বিহুৰ নিশা যেতিয়া দূৰৈৰ পৰা মাইক্ৰফোনত জুবিনৰ গান ভাঁহি আহে, তেতিয়া গাঁৱে-চহৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। তেওঁৰ উপস্থিতিয়ে বিহুৰ পথাৰখনক এক সুকীয়া মাত্ৰা আনি দিয়ে। জুবিনৰ সগীতানুষ্ঠান বুলি হাহাকাৰ কৰা নৱ প্ৰজন্ম আজি আকুল তেওঁৰ বাবে। এইবাৰ বিহুত বোকা ডান্স নহয়। নাথাকে সেই উৎসুকতা।

সেই যে মঞ্চত তেওঁক এবাৰ চাবলৈ কেতিয়াবা গছৰ ডালত কেতিয়াবা আকৌ বাহৰ খুঁটাত উঠা, নাহে আৰু সেইদিন। তেওঁ গোৱা ধুমুহাৰ সতে বহু যুগৰে নাচোনৰ তালে তালে আউলি-বাউলি হোৱা, প্ৰচণ্ড বৰষুণেও ৰখাব নোৱাৰা তেওঁৰ গানৰ গভীৰতাত হেৰাই যোৱা সেই সময় নাহে আৰু উভতি। নতুন প্ৰজন্মৰ বাবে ব’হাগ কেৱল পৰম্পৰা নহয়, ব’হাগ মানে জুবিনৰ গানৰ সৈতে আৰম্ভ আৰু শেষ কৰা এক উন্মাদনা। তেওঁৰ গানে আমাক আমাৰ শিপাৰ সৈতে জড়িত হৈ থাকি আধুনিকতাক আঁকোৱালি ল’ব শিকায়। তেওঁ আজি নাই, তথাপিও আছে আৰু সদায় থাকিব। তেওঁৰ মাততে আহিব ব’হাগ, তাতেই সামৰিম আমি সমস্ত দুখ-সুখ আৰু ভাগৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button