AssamIPLSportsক্ৰিকেটখেল

IPLত অধিনায়ক ৰিয়ান পৰাগৰ চমক , অবিশ্বাস্য জয় ৰাজস্থানৰ! প্ৰশংসাত পঞ্চমুখ ৰবি শাস্ত্ৰী…

শেষ অভাৰত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ এটা সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিলে। সেই সিদ্ধান্তটোৱে সলনি কৰিছিল মেচখনৰ দিশ। যাৰ বাবে ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শনক লৈ ৰিয়ান পৰাগক প্ৰশংসা কৰি সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ।

শনিবাৰে অনুষ্ঠিত আই পি এলৰ এখন ৰোমাঞ্চকৰ মেচত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক ৬ ৰানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে। প্ৰথমে বেটিং কৰি ৰাজস্থানে ৬টা উইকেট হেৰুৱাই মুঠ ২১০ ৰান সংগ্ৰহ কৰে। সাই সুদৰ্শনৰ ৭৩ ৰানৰ সুন্দৰ বেটিঙৰ পাছতো গুজৰাট দলটোৱে ৮টা উইকেট হেৰুৱাই ২০৪ ৰানহে কৰিবলৈ সক্ষম হয়৷

তুষাৰ দেশপাণ্ডেৰ ফাইনেল অভাৰৰ সহায়ত ৰোমাঞ্চকৰ খেলখনত গুজৰাট টাইটানছক ৬ ৰানত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে। ইয়াৰ লগে লগে ৰয়েলছৰ দ্বিতীয়টো জয় আৰু একেৰাহে দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ পৰাজয়। টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা ৰয়েলছে—ধ্ৰুৱ জুৰেল আৰু যশস্বী জয়ছৱালৰ অৰ্ধশতকেৰ সহায়ত ৬টা উইকেট হেৰুৱাই মুঠ ২১০ ৰান সংগ্ৰহ কৰে। অৱশ্যে সাই সুদৰ্শনে ৭৩ ৰানৰ ইনিংছ খেলাৰ পাছতো গুজৰাট দলটোৱে ৮টা উইকেট হেৰুৱাই মাত্ৰ ২০৪ ৰানহে লাভ কৰিবলৈ সক্ষম হৈছিল। এটা পৰ্যায়ত দলটোৱে ৭টা উইকেট হেৰুৱাই ১৬১ ৰানলৈ নামি আহিছিল। তথাপিও কাগিছ’ ৰাবাদা (২৩ ৰান নট আউট) আৰু ষ্টেণ্ড ইন অধিনায়ক ৰছিদ খানে (২৪) দলটোক জয়ৰ ওচৰলৈ লৈ যায় আৰু চূড়ান্ত অভাৰত মাত্ৰ ১০ ৰানৰ প্ৰয়োজন হয়।

ৰিয়ান পৰাগৰ ৰণনীতি

এই জটিল পৰিস্থিতিত কোনে বলিং কৰিব সেই সিদ্ধান্তক লৈ সকলোৱে চিন্তিত হৈ পৰিছিল। কিন্তু ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে নন্দ্ৰে বাৰ্গাৰৰ সলনি দেশপাণ্ডেৰ হাতত বল তুলি দি সকলোকে আচৰিত কৰে। বলাৰজনে অধিনায়কে তেওঁৰ ওপৰত ৰখা আস্থা অনুসৰি প্ৰদৰ্শন আগবঢ়ায়। তেওঁ প্ৰথম বলত ৱাইড ডেলিভাৰী কৰে যদিও পিছত ধাৰাবাহিকভাৱে নিখুঁত বলিং কৰে। সেইটো অভাৰত মাত্ৰ চাৰি ৰানহে কৰিবলৈ সক্ষম হয় গুজৰাটে। শেষত ছয় মাৰিবলৈ চেষ্টা কৰোতে কেচ আউট হয় ৰছিদ খান।

মাত্ৰ দুটা অভাৰ বাকী থকা অৱস্থাত গুজৰাটক জয়ী হ’বলৈ ১৫ ৰানৰ প্ৰয়োজন আছিল। কিন্তু ১৯ নং অভাৰত জোফ্ৰা আৰ্চাৰে মাত্ৰ চাৰি ৰান সংগ্ৰহ কৰিছিল আৰু তুষাৰ দেশপাণ্ডেই অন্তিম অভাৰত বিপক্ষক মাত্ৰ চাৰি ৰানত সীমাবদ্ধ কৰি মেচখনৰ গতি সম্পূৰ্ণৰূপে সলনি কৰে। অৱশেষত মাত্ৰ ৬ ৰানৰ ব্যৱধানত সফলতাৰে জয়লাভ কৰে ৰাজস্থান দলটোৱে। প্ৰথমে বেটিং কৰি ৰাজস্থানে ২০ অভাৰত মুঠ ২১০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গুজৰাট দলে ৮ উইকেট হেৰুৱাই মাত্ৰ ২০৪ ৰানহে কৰিবলৈ সক্ষম হ’ল।

ৰবি শাস্ত্ৰীৰ প্ৰশংসা

ইফালে, গুজৰাট টাইটাইনছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ৰোমাঞ্চকৰ জয়ৰ প্ৰসংগত ৰিয়ান পৰাগক প্ৰশংসা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ। ৰবি শাস্ত্ৰীয়ে কয় যে, আই.পি.এল. ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেল। ইয়াক সংৰক্ষণ (Archive) কৰি থোৱা উচিত! ৰিয়ান পৰাগ, তোমাৰ সাহস অপৰিসীম আৰু ভৱিষ্যত অতি উজ্জ্বল, বিশেষকৈ নেতৃত্বৰ ভূমিকাৰ ক্ষেত্ৰত। অসাধাৰণ ধৈৰ্য আৰু সংযম। খুব ভাল খেলিছা। আইপিএল জিন্দাবাদ!”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − six =

Back to top button