AssamInternationalleatest updateSocialঅসমদৈনিক বাতৰি

NHPCৰ বিৰুদ্ধে উত্তাল ধেমাজি

আজি প্ৰতিবাদ উত্তাল কৰি তোলে ধেমাজি জিলা সদৰ। ৰাইজৰ দল, জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ উদ্যোগত এই প্ৰতিবাদ । এই প্ৰতিবাদত অংশগ্ৰহণ কৰে বহু সংখ্যক স্থানীয় নাগৰিকে। মূল দাবী—NHPCৰ অন্তৰ্গত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধটো ভাঙি দিয়াৰ লগতে অৰুণাচল প্ৰদেশত নিৰ্মাণাধীন থকা ১৩৪টা বৃহৎ নদীবান্ধৰ কাম স্থগিত কৰা।

এই প্ৰতিবাদ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে । তেওঁলোকৰ মতে, মোদী চৰকাৰে উত্তৰ-পূব ভাৰতৰ প্ৰাকৃতিক আৰু জনজীৱন ধ্বংস কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ ৰূপে নদীবান্ধৰ ৰাজনীতি কৰিছে । কিছুদিন আগতে নিপকো (NIPCO)ৰ পানী নিষ্কাশনৰ বাবে সৃষ্টি হোৱা প্ৰলয়ংকৰী বানত লখিমপুৰ জিলাত ভয়ংকৰ ক্ষতি হৈছিল। বানৰ ভয়ংকৰ ৰূপে পুনৰ এবাৰ নদীবান্ধৰ বিপদজ্জনক দিশ উদঙাইছে। স্থানীয় ৰাইজে দাবী কৰে যে এইধৰণৰ বৃহৎ প্ৰকল্পসমূহে প্ৰাকৃতিক সন্তুলন নষ্ট কৰাৰ লগতে কৃষি, বাসগৃহ, জীৱিকা আৰু জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ পেলাইছে।

প্ৰতিবাদকাৰীয়ে কয়, “এই নদী বান্ধসমূহ আমাৰ ভৱিষ্যৎ ধ্বংস কৰি আছে। ৰাইজৰ দলৰ মুখপাত্ৰজনে ঘোষণা কৰে যে, যদি তৎকালীন পদক্ষেপ গ্ৰহণ নকৰে চৰকাৰে, তেন্তে সামগ্ৰিক উত্তৰ-পূবত এক বৃহৎ গণআন্দোলন গঢ়ি তোলা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button