অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

প্ৰসংগঃ জীৱন কেম্প্ৰাই অপহৰণ কাণ্ড! সুদীৰ্ঘ ৭ বছৰৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আৰম্ভ হ’ল CBIৰ তদন্ত

প্ৰসংগঃ ডিমা হাচাওৰ জীৱন কেম্প্ৰাই অপহৰণ কাণ্ড। সুদীৰ্ঘ ৭ বছৰৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আৰম্ভ হ’ল CBIৰ তদন্ত। দিয়াংমুখ থানাৰ 03/2016 গোচৰ CBIলৈ। ৭ বছৰৰ মূৰত অপহৰণ কাণ্ডৰ সঠিক তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে, ২০১৬ চনৰ ২৭ জানুৱাৰীত সংঘটিত হৈছিল জীৱন কেম্প্ৰাইৰ অপহৰণ কাণ্ড। জীৱন কেম্প্ৰাই সেই সময়ৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ মহেন্দ্ৰ কেম্প্ৰাইৰ জ্যেষ্ঠ ভাতৃ আছিল।

স্বায়ত্তশাসিত পৰিষদৰ অনাস্থা প্ৰস্তাৱৰ ওপৰত হ’বলগীয়া এক অধিৱেশনৰ দুদিন পূৰ্বে অজ্ঞাত আততায়ীয়ে অপহৰণ কৰিছিল জীৱন কেম্প্ৰাইক। অপহৰণৰ সময়ছোৱাতে মহেন্দ্ৰ কেম্প্ৰাইলৈ এটা ফোনকল আহিছিল অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ সময়ত পৰিষদৰ সভাত অনুপস্থিত থাকিবলৈ। অন্যথা গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব তেওঁৰ পৰিয়াল। এই অপহৰণৰ পিছতে মহেন্দ্ৰ কেম্প্ৰাইয়ে দিয়াংমুখ থানাত এটা গোচৰ ৰুজু কৰে।

কিন্তু আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰীতা প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু কেইবাবছৰ ধৰি বিষয়টো তেনেকৈয়ে পৰি থাকিল। অপহৰণৰ পিছত জীৱন কেম্প্ৰাইৰ কি হ’ল সেয়া আজিকোপতি জানিব পৰা নগ’ল।

অৱশেষত ২০২২ চনত জীৱনৰ পত্নী জেইছ’দি থাউছেনে CBIৰ তদন্ত দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো শুনানিৰ বাবে লয় আৰু শুনানিৰ কালছোৱাত তদন্তৰ বাবে অসম আৰক্ষীৰ এটা বিশেষ তদন্তকাৰী গোট গঠন কৰি দিয়ে। কিন্তু এই SITৰ তদন্তটো একো ফলপ্ৰসু সিদ্ধান্ত পোৱা নগ’ল।

অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বিষয়টো তদন্তৰ বাবে CBIক নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা অনুসৰি CBIএ জীৱন কেম্প্ৰাইৰ অপহৰণ কাণ্ডৰ তদন্তৰ গোচৰ ৰুজু কৰিছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 8 =

Back to top button