চচলৰ ধৰ্ণাস্থলীত উত্তপ্ত পৰিস্থিতি, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ বাধা জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মীক
জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থা(অসম)ৰ আমৰণ অনশন আজি ২৩ দিনত ভৰি দিছে

মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত উত্তপ্ত পৰিস্থিতি । স্বাধীনতা দিৱসৰ দিনা জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মীয়ে প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ খানাপাৰালৈ যাবলৈ বিচৰাত শিক্ষক সকলক বাধা দিয়ে আৰক্ষীয়ে।
জুলাই মাহৰ ২৩ তাৰিখৰ পৰা অব্যাহত এই বিশেষ অনশন প্ৰতিবাদত শিক্ষকসকলে দৰমহা বৃদ্ধি , চাকৰি কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি, স্থায়ী নিযুক্তি দাবীৰে প্ৰতিবাদ কৰি আহিছে । জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থা(অসম)ৰ আমৰণ অনশন আজি ২৩ দিনত ভৰি দিছে।
ধৰ্ণাস্থলীত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈ বহু প্ৰতিবাদকাৰী অসুস্থ হৈ পৰে । প্ৰতিবাদকাৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে যথোপযুক্ত চিকিৎসা ব্যৱস্থা নকৰাৰো অভিযোগ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদস্থলীত কোনো ধৰণৰ পোহৰ আৰু খোৱাপানীৰ ব্যবস্থা নথকাৰো অভিযোগ প্ৰতিবাদকাৰীৰ। নিশাৰ অন্ধকাৰতেই বিগত ২৩ দিন ধৰি ধাৰাবাহিক ভাবে অনশনত বহিছে প্ৰতিবাদকাৰী।
দাবী পূৰণ নকৰা পৰ্যন্ত প্ৰতিবাদস্থলী এৰি নোযোৱাৰ হুংকাৰ প্ৰতিবাদী সকলৰ। তদুপৰি প্ৰতিবাদস্থলীতেই মৃত্যু বৰণ কৰাৰ হুংকাৰ প্ৰতিবাদী সকলৰ।
