AssamCity newsHimanta Biswa Sarmaleatest updateSocial

অঞ্জন নাথৰ হত্য়াকাণ্ডৰ ন-ন তথ্য়; ঘনে ঘনে সলনি হৈছে দৃশ্যপট

পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰা হ’ল নেকি অঞ্জনক

বৃহস্পতিবাৰে নিশা দিছপুৰত ক্ৰাইম ৰিভিউ বৈঠক চলি থকাৰ সময়তে খানাপাৰাত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাই জোকাৰিছে মহানগৰ। শূন্য দূৰত্বৰ পৰা বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই অঞ্জন নাথ নামৰ যুৱকজনক গুলীয়াই হত্যা কৰিছিল। ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় CP দিগন্ত বৰাৰ লগতে DGP জি পি সিং। ঘটনাস্থলী তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য গ্ৰহণৰ পিছত শীঘ্ৰেই দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰিব বুলি দাবী কৰে DGP জি পি সিঙে।

ইফালে, মৃত অঞ্জনৰ পৰিয়ালে অনা অভিযোগে নতুন গতি দিছে এই ঘটনাৰ। পৰিয়ালৰ সন্মতি নোহোৱাকৈ বিবাহপাশত আবদ্ধ হৈছিল অঞ্জন। অঞ্জনৰ পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ।ড্ৰাগ্ছৰ বেহাৰ অঞ্জন জড়িত থকাৰ অভিযোগ পত্নীৰ। সুৰাৰ ৰাগিত মাতাল হৈ অঞ্জনে পত্নীক কৰিছিল মাৰধৰ। পৰিয়ালৰ অভিযোগৰ পিছতেই নিশাই অঞ্জনৰ পত্নীক সোধা–পোছা বশিষ্ঠ আৰক্ষীৰ। পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰা হ’ল নেকি অঞ্জনক তাকে লৈ সৃষ্টি হৈছে ৰহস্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 11 =

Back to top button