
ৰেচনৰ দোকানত উপলব্ধ হ’ব সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ ৷ মূল্যবৃদ্ধিৰ এই মহঙা দিনত ৰেচন কাৰ্ড থকাসকলে ৬৯ টকাত দৰত এক কেজি মচুৰ দাইল, ৩৮ টকাত দৰত এক কেজি চেনি অৰু ১০ টকাৰ দৰত আয়’ডিনযুক্ত নিমখ লাভ কৰিব ৷ অৰ্থাৎ এক কেজিকৈ এই তিনিবিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰেচন কাৰ্ড থকাসকলে ১১৭ টকাত লাভ কৰিব৷ মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি এই তিনিবিধ সামগ্ৰী জানুৱাৰীৰ পৰা ১১৭ টকাৰ পৰিৱৰ্তে ১০০ টকাত লাভ কৰিব ৷ ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবে উঠিপৰি লাগিছে ৷ সৃষ্টি কৰিছে আঁচনিৰ চমক ৷ ৰাজ্যৰ দৰিদ্ৰ লোকে ৰেচন কাৰ্ডত বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব মচুৰ দাইল, চেনি আৰু নিমখ ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক তথা ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালে প্ৰতিমাহে বজাৰ মূল্যতকৈ কম দৰত লাভ কৰিব তিনিবিধ অত্যাৱশ্যকীয় সামগ্ৰী ৷ চলিত নৱেম্বৰ মাহৰ ১০ তাৰিখৰ পৰা এই তিনিবিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰাজ্যৰ ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব ৷
যি সময়ত মচুৰ দাইল, চেনি, নিমখ আদি অত্যাবশ্যকীয় সামগ্ৰীৰ দাম ঊর্ধ্বগতিত বৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰিছে সেই সময়ত ৰাজ্য চৰকাৰৰ খাদ্য অৰু অসামৰিক যোগান বিভাগে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডপ্রাপ্ত পৰিয়ালক মাহত এক কেজিকৈ মচুৰ দাইল, চেনি আৰু আয়’ডিনযুক্ত নিমখ ৰাজসাহায্যযোগে দিবলৈ সিদ্ধান্ত লৈছে ৷ চৰকাৰৰ এই সিদ্ধান্তই স্বাভাৱিকতে দুখীয়া ৰাইজৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ কাৰ্ডৰ জৰিয়তে দুখীয়া ৰাইজে চাউলৰ লগতে এই তিনিবিধ সামগ্রীও লাভ কৰিব ৷ ৰাজসাহায্যযুক্ত এই তিনিবিধ সামগ্ৰীৰ মচুৰ দাইলত ২৫ টকা, চেনিত ১০ টকা আৰু নিমখত ১০ টকা ৰাজসাহায্য লাভ কৰিব ৷ উল্লেখ্য যে সম্প্রতি মুকলি বজাৰত প্রতিকেজি মচুৰ দাইলৰ সৰুবিধত ১০৫ টকা, ডাঙৰ বিধত ৯০ টকা দৰত বিক্ৰী হৈ আছে ৷ সেইদৰে প্ৰতিকেজি চেনি ৪৮ টকা আৰু আয়’ডিনযুক্ত নিমখৰ গুণগত মান অনুসৰি ১০ টকাৰ পৰা ৩৮ টকা পৰ্যন্ত দামৰ তাৰতম্যত বজাৰত বিক্ৰী হয় ৷ মুকলি বজাৰৰ এই বৃহৎ মূল্যৰ মচুৰ দাইল, চেনি আৰু আয়’ডিনযুক্ত নিমখ ৰাজ্য চৰকাৰে ৰাজসাহায্যৰে সৰ্বসাধাৰণ দুখীয়া পৰিয়াললৈ ৰেচন কাৰ্ডৰ জৰিয়তে দিবলৈ ব্যৱস্থা কৰাটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ এক অভিলাষী প্রকল্প হিচাপে বিবেচিত হৈছে ৷ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত বিতৰণৰ এই আঁচনিখন গুৱাহাটীত অনুষ্ঠিত হ’ব লগা এখন ৰাজহুৱা সভাৰ জৰিয়তে কাৰ্যকৰী কৰা হ’ব ৷ ৰেচন কাৰ্ডৰ জৰিয়তে মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত যোগান ধৰাৰ উপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৰন্ধন গেছ যোগানৰো ব্যৱস্থা কৰিছে ৷ মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৰেচন কাৰ্ড থকা পৰিয়ালক এই ৰাজসাহায্য প্ৰদান কৰা হ’ব ৷ ইতিমধ্যে এই আঁচনিৰ বাবে অৰুণোদয় আঁচনি লাভ কৰা ২২.৫ লাখ পৰিয়ালৰ পৰা অবেদন-পত্ৰ লাভ কৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷
চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জনকল্যাণমূলক আঁচনি ১০ নৱেম্বৰত মুখমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে ৷ খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল লাভ কৰি থকা ৰেচন কাৰ্ডপ্ৰাপ্ত প্ৰতিটো পৰিয়ালে নৱেম্বৰ মাহৰ পৰা মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত লাভ কৰিব ৷
উল্লেখ্য যে এই আঁচনিৰ অধীনত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে প্ৰতিমাহে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ৬৯ টকাকে ১ কিলোগ্ৰাম মচুৰ দাইল, ৩৮ টকাকৈ ১ কিলোগ্ৰাম চেনি আৰু ১০ টকাকৈ ১ কিলোগ্ৰাম নিমখ ক্ৰয় কৰিব পাৰিব ৷ উক্ত কেইবিধ সামগ্ৰী সুলভ মূল্যৰ দোকানৰ পৰা প্ৰতি মাহৰ “অন্ন সেৱা দিন” অৰ্থাৎ প্ৰতি মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত e-pos মেচিনৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব ৷ নৱেম্বৰ মাহত গ্ৰাহকে এই ৰাজসাহায্য অহা ১০ তাৰিখৰ পৰা ১৯ নৱেম্বৰলৈকে লাভ কৰিব ৷ চৰকাৰৰ এই অভিলাসী আঁচনিৰ জৰিয়তে কামৰূপ মহানগৰ জিলাত ১,৯৭,৮৭৪ টা পৰিয়াল উপকৃত হ’ব ৷ মুখ্যমন্ত্রীৰ সুলভ ইন্ধন আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰী তথা ৰেচন কাৰ্ড থকা পৰিয়ালটোৰ কোনো এজন সদস্যৰ নামত ৰন্ধন গেছৰ সংযোগ থকাটো নিশ্চিত হ’ব লাগিব ৷ তদুপৰি পৰিয়ালটোৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিও লাভ কৰিব লাগিব ৷ যদিহে গেছৰ সংযোগ থকা পৰিয়ালৰ সদস্যই জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত গেছ চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰে সেই ক্ষেত্ৰত তেওঁ বেংক একাউণ্টৰ জৰিয়তে ২৫০ টকা ৰাজসাহায্য লাভ কৰিব

