অসমঅসম আৰক্ষীগুৱাহাটীদিল্লীভাৰতমেঘালয়শিল্পীসংগীতসংস্কৃতি

জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ বাবে বিশেষ নিয়মাৱলী

নিয়ম নামানিলে সন্মুখীন হʼব বিপদৰ

মঙ্গলবাৰে প/ঞ্চভূ/তত বিলীন হʼব জুবিন গাৰ্গ। সোণাপুৰৰ হাতীমুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সম্পন্ন কৰা হʼব অন্ত্যেষ্টিক্ৰিয়া। অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে নিয়ম। আখৰে আখৰে পালন কৰিব লাগিব সকলো নীতি-নিয়ম। অন্যাহাতে কঠোৰ হʼব প্ৰশাসন।

-মঙলবাৰে পুৱা ৭:৩০ বজাত GMCHত হ’ব জুবিনৰ প’ষ্ট/মর্টেম

-প’ষ্ট/মর্টেমৰ পিছত পুৱা ৯:৩০-১০ বজাত দেহ নিয়া হ’ব শেষকৃ/ত্যলৈ

-জুবিনৰ পৰিয়ালৰ ৮৫জন লোকে অংশগ্ৰহণ কৰিব শেষকৃ/ত্যত

-ভাৰত চৰকাৰৰ হৈ কিৰেণ ৰিজিজু আৰু সৰ্বানন্দ সোণোৱাল থাকিব শেষকৃত্যত

-শেষকৃত্যলৈ চৰকাৰে আমন্ত্রণ জনাব কেইজনমান নির্দিষ্ট ব্যক্তিক

-থাকিব বিৰোধী দলৰ নেতা, সাহিত্যসভা, আছু তথা মেঘালয় চৰকাৰৰ প্ৰতিনিধি

-শেষকৃ/ত্যৰ পিছতে পৰিয়ালক প্ৰদান কৰা হ’ব জুবিনৰ অ/স্থি

-শেষকৃ/ত্যৰ পিছতে সাংস্কৃতিক বিভাগে সংগ্রহ কৰিব চি/তাভ/স্ম

-অন্ত্যেষ্টিক্ৰিয়াৰ ১৩দিনীয়া অনুষ্ঠান হ’ব যোৰহাটত

-এই অনুষ্ঠানতে যোৰহাটৰ ৰাইজক প্ৰদান কৰা হ’ব চি/তাভ/স্ম

-যোৰহাটৰ অনুষ্ঠানত গৰিমাই অংশগ্ৰহণ কৰিব

-মঙলবাৰে ২ বজাৰ পিছত দোকান-পোহাৰ খুলিব পাৰিব। দোকান-পোহাৰ খোলাত বাধা দিয়াসকলৰ বিৰুদ্ধে হ’ব কঠোৰ ব্যৱস্থা

-শোকৰ নামত উদ্ভণ্ডালি কৰাসকলৰ বিৰুদ্ধেও লোৱা হ’ব ব্যৱস্থা। ইতিমধ্যে সংগ্ৰহ কৰা হৈছে এনে লোকসকলৰ কু/কা/ণ্ডৰ ভিডিঅ’

-জুবিনৰ মৃ/ত্যুত SOCIAL MEDIAত প’ষ্ট দিয়াসকলৰ সাক্ষ্য ল’ব CIDয়ে

-মঙলবাৰে বিয়লি ৪ বজালৈ যোৰাবাটত হৈ বন্ধ থাকিব যাতায়াত

-মঙলবাৰে অসমৰ সকলো ঠাইতে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ

-চৰকাৰী কাৰ্যালয় কেৱল কামৰূপ (মঃ) জিলাতহে বন্ধ থাকিব। ৰাজ্যৰ আন ঠাইত খোলা থাকিব চৰকাৰী কাৰ্যালয়সমূহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button