অসমআঞ্চলিক

ধুবুৰীত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা! ৮০জনৰো অধিক যাত্ৰী আছিল নাওখনত

ব্ৰহ্মপুত্ৰত ডুবিল যন্ত্ৰচালিত নাও

ধুবুৰীত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। ভাষানীৰ চৰ প্ৰথমখণ্ড গাঁৱত এই দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰত ডুবিল যন্ত্ৰচালিত নাও৷ ৮০জনৰো অধিক যাত্ৰী আছিল নাওখনত, ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে আন কেইবাগৰাকীও ব্যক্তি ডুব যায় ব্ৰহ্মপুত্ৰ নৈত।

বৰ্তমান দুজন ব্যক্তি উদ্ধাৰ হৈছে যদিও বহুকেইজন যাত্ৰী সন্ধানহীন৷ আনুমানিক প্ৰায় ১৫/২০জন যাত্ৰী সন্ধানহীন হৈ আছে৷ ঘটনাস্থলীত উপস্থিত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু SDRF বাহিনীৰ দল৷

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।  নিখোজ লোকসকলক উদ্ধাৰ কৰাৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীৰ দলে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button