অপৰাধঅসমঅসম আৰক্ষী

মহানগৰীৰ হত্যাকাণ্ডৰ ঘটনাৰ নতুন মোৰ? আৰক্ষীৰ হাতত পৰিছে নতুন ক্লু!

ঘটনাস্থলীৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে বাইকসহ বহু সন্দেহজনক সামগ্ৰী। জি পি সিঙে ঘটনা সন্দৰ্ভত নতুন ক্লুৰ সন্ধান পোৱা বুলিও জনাইছে

মহানগৰীত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত আহত হোৱা ব্যৱসায়ী অৱদেশ যাদৱৰ অৱশেষত মৃত্যু হৈছে। এইপৰ্যন্ত অপৰাধীৰ কোনো সন্ধান লাভ কৰা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে। ঘটনাস্থলীৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে বাইকসহ বহু সন্দেহজনক সামগ্ৰী। জি পি সিঙে ঘটনা সন্দৰ্ভত নতুন ক্লুৰ সন্ধান পোৱা বুলিও জনাইছে।

পৰিয়ালৰ সন্দেহ, ডব্লিউ যাদৱ নামৰ বিহাৰৰ এজন ব্যক্তিয়ে চুপাৰি কিলাৰ লগাই অৱদেশ যাদৱক হত্যা কৰিছে। অৱদেশ যাদৱৰ হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে পৰিয়ালে পল্টন বজাৰ আৰক্ষী থানাত 105/22 নম্বৰৰ এক গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে, ৫ বছৰৰ পূৰ্বে অৱদেশ যাদৱৰ আন এজন ভাতৃক গুলীয়াই হত্যা কৰা হৈছিল। নিজ গাঁৱতে দুৰ্বৃত্তই হত্যা কৰিছিল অৱদেশৰ ভাতৃ মিথিলেশ যাদৱক। গাঁৱৰ ৰাজনীতি আৰু মাটি–বাৰীৰ সংঘাতৰ বাবে হত্যা কৰিছিল মিথিলেশক।
আৰক্ষীয়ে ইতিমধ্যে ৩জন লোকক আটক কৰিছে। তাৰ ভিতৰত এজন বাইকৰ গৰাকী আব্বাছ আলী। তাৰ লগতে আটক হৈছে ইছমাইল আলী আৰু আকাশ আলী নামৰ আন দুজন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − ten =

Back to top button