দুৰ্ঘটনাপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰভাৰত

মন্থাৰ সংহাৰী ৰূপ

বিধ্বস্ত জনজীৱন

নৈ-উপনৈসমূহ ওফন্দি উঠিছে, হাজাৰ হাজাৰ একৰ ভূমিৰ শস্য পানীত বুৰ গৈছে । শস্য ক্ৰয় কেন্দ্ৰত মজুত কৰা ধান উটুৱাই নিয়াৰ ফলত কৃষকসকল হতাশ হৈ পৰিছে । বহু অঞ্চলত পথ ভাঙি যোৱাৰ ফলত গাঁও-নগৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । সমগ্ৰ ৰাজ্যতে ১১২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৪ জন নিৰুদ্দেশ হোৱাৰ বিপৰীতে বিষয়াসকলে ৪.৪৭ লাখ একৰ শস্যৰ ক্ষতিৰ অনুমান কৰিছে ।

ঘূৰ্ণীবতাহ ‘মন্থা’ৰ গুৰুতৰ প্ৰভাৱ তেলেংগানাত । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ঐতিহাসিক অৰুগাল্লু ৱাৰাংগল আৰু খাম্মাম । উত্তৰ-দক্ষিণ তেলেংগানাত দুদিন ধৰি অব্যাহত আছে ধাৰাসাৰ বৰষুণ । ফলস্বৰূপে নগৰ, গাঁও আৰু কৃষিভূমি পানীয়ে বুৰাই পেলাইছে । নালগোণ্ডা জিলা আৰু মহাবুবনগৰৰ কিছু অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ।

একেৰাহে দ্বিতীয় দিনাও বৃহত্তৰ ৱাৰাংগল চহৰ পানীৰ তলত আছে । প্ৰায় ৪৫ টা কলনী বানৰ কবলত পৰিছে । ভীমৰাম, বদ্দেপল্লী, কপুৱড়া, শিৱনগৰ, বি আৰ নগৰ, জৱাহৰনগৰকে ধৰি প্ৰায় ২৫ টা কলনীত এতিয়াও পানী আছে । ৱাৰাংগল আৰু হনুমাকোণ্ডাৰ মাজত যাতায়াত বন্ধ হৈ পৰিছে । আনহাতে হাণ্টাৰ ৰোড আৰু মুলুগু ক্ৰছৰ দৰে বৃহৎ পথসমূহ স্তব্ধ হৈ পৰিছে । সাহায্য দলসমূহে নাৱেৰে বানপীড়িতক উদ্ধাৰ কৰিছে আৰু ২০০০ ৰো অধিক লোকক ১২ টা শিবিৰলৈ স্থানান্তৰ কৰা হৈছে । ক্ষতিগ্ৰস্ত কলনীসমূহত মন্ত্ৰী, সাংসদ তথা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে । খাম্মামত মুনেৰু নদী বিপদজনকভাৱে ওফন্দি উঠিছে । ২৬ ফুটলৈ বৃদ্ধি পাইছে জলস্তৰ । বক্কালাগড্ডা, মানচিকান্তিনগৰ, মতিনগৰ, নাইডুপেটাকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে । প্ৰশাসনে ৬ টা বান শিবিৰ স্থাপন কৰিছে, য’ত ৫২০ জনতকৈ অধিক লোকক আশ্ৰয় দিয়া হৈছে । নালগোণ্ডা অঞ্চলত ২০ টা ঘৰ ধ্বংস হোৱাৰ লগতে ৩০ টা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ৩০ টা পশুধনৰ মৃত্যু হৈছে । কোৰুতলা গাঁৱত দেৱৰাকোণ্ডা–কাম্বলাপল্লী পথটো সম্পূৰ্ণ ভাঙি গৈছে । নগৰকুৰনুল জিলাত শ্ৰীসাইলাম-হায়দৰাবাদ ঘাইপথৰ কিছু অংশ নৈৰ বুকুত জাহ গৈছে । নালগোণ্ডা আৰু নগৰকুৰনুলৰ স্থানচ্যুত আৰু জনজাতীয় পৰিয়ালৰ অৱস্থা হৃদয় বিদাৰক । ডিণ্ডি আৰু নক্কালাংগি প্ৰকল্পত জলস্তৰ ওফন্দি উঠাৰ বাবে কেইবাখনো জনজাতীয় গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । ট্ৰেক্টৰেৰে ৬০ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । আচাম্পেট মণ্ডলৰ অন্তৰ্গত মাৰ্লাপাডু থাণ্ডাত নক্কালাগাণ্ডি জলাশয় ওফন্দি উঠাৰ ফলত ২৫০ টা পৰিয়ালে ঘৰ-বাৰী এৰি সুৰক্ষিত স্থানত আশ্ৰয় লৈছে । বিষয়া আৰু উদ্ধাৰকাৰী দলে সাহায্য অভিযান আৰম্ভ কৰিছে যদিও ধ্বংসৰ পৰিসৰ অতি বেছি ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − 1 =

Back to top button