লাভলীনা বৰগোঁহাইৰ হৈছে কি? কিয় বাৰে-বাৰে ভগৱানৰ চৰণত লাভলীনা?
প্ৰকৃততে কি হৈছে লাভলীনাৰ

লাভলীনা বৰগোঁহাইৰ হৈছে কি? কিয় বাৰে-বাৰে ভগৱানৰ চৰণত লাভলীনা? মহাকুম্ভত গেৰুৱা সাঁজেৰে দেখা গৈছিল লাভলীনা বৰগোঁহাইক। মহাকুম্ভ মেলাত দীক্ষাও লৈছিল লাভলীনাই। হৰিদ্বাৰত দীক্ষা ল’লে লাভলীনা। প্ৰকৃততে কি হৈছে লাভলীনাৰ? ক্ৰীড়া এৰি সন্যাসৰ দিশে নেকি লাভলীনা বৰগোঁহাই?
লাভলীনা বৰগোঁহাই। যাক লৈ অসম আৰু অসমীয়াই গৰ্ব কৰিব পাৰে। ভাৰতীয় বক্সাৰ আমাৰ লাভলীনা। অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া লাভলীনা। শেহতীয়াকৈ লাভলীনাক দেখিবলৈ পোৱা গৈছে ভগৱানৰ চৰণত। প্ৰথমে মহাকুম্ভ মেলাত অমৃতস্নান কৰিছিল লাভলীনা বৰগোহাঁয়ে। মহাকুম্ভ মেলাতেই দীক্ষা লোৱা লাভলীনাৰ ফটোক লৈও হৈছিল চর্চা। আৰু শেহতীয়াকৈ হৰিদ্বাৰত দীক্ষা ল’লে লাভলীনা বৰগোহাঁয়ে।
লাভলীনাক লৈ আজিৰ অসমে গৌৰৱ কৰে। লাভলীনাক লৈ অসমৰ মানুহে সপোন দেখে। গোলাঘাটৰ জীয়ৰী লাভলীনাই প্ৰথমটো অলিম্পিকৰ পদক কঢ়িয়াই আনিছিল অসমলৈ। সেয়ে লাভলীনা বুলি ক’লে অসম আৰু অসমীয়াৰ আবেগ আছে।
কিন্তু শেহতীয়াকৈ ভগৱানৰ চৰণত প্ৰায়ে দেখিবলৈ পোৱা যোৱা ছছিয়েল মিডিয়া পোষ্টবোৰ দেখি মানুহৰ মাজত চর্চা হৈছে ক্ৰীড়া এৰিবলৈ বিচাৰিছে নেকি লাভলীনাই? নে ঈশ্বৰৰ চৰণত নিজকে অৰ্পণ কৰি পৰৱৰ্ত্তী লক্ষ্যৰ বাবে নিজকে আকৌ এবাৰ স্থিৰ কৰিবলৈ বিচাৰিছে লাভলীনা বৰগোহাঁয়ে। উত্তৰ সময়ৰ হাতত।
কেতিয়াবা ৰেম্পৱাক, কেতিয়াবা ব্যক্তিগত বিতৰ্ক… শেহতীয়াকৈ এনেবোৰ কথাক লৈ বিতৰ্কৰ মাজত সোমাই পৰা লাভলীনা বৰগোহাঁইৰ কি নতুন পৰিকল্পনা। সেয়াও জানিবলৈ আগ্ৰহী অনুৰাগী।