এতিয়া পবিত্ৰ শাওণ মাহ। এই পবিত্ৰ মাহ হিন্দুৰ আৰাধ্য দেৱতা মহাদেৱ শিৱৰ মাহ। এই মাহত ভক্তসকলে শিৱক পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয়। মঠ-মন্দিৰত মহাদেৱক দৰ্শন কৰিবলৈ ভিৰ কৰে ভক্তগণে। ভগৱান শিৱৰ উপাসকসকলে শিৱৰ বাবে ব্ৰত পালন কৰাও পৰিলক্ষিত হয়।
পবিত্ৰ শাওণত ভক্তগণে খোজ কাঢ়ি গৈ নদীৰ পৰা পানী আনি শিৱ মন্দিৰৰ শিৱ লিংগত ঢালে। ভক্তসকলৰ এই যাত্ৰাক ‘বল বম’ বুলি কোৱা হয়। ‘বল’ মানে কোৱা বা লোৱা আৰু ‘বম’ মানে সদাশিৱ। শিৱক আৰাধনা কৰাসকলে দেওবাৰে নিশা নদীৰ পানী উঠাই ওৰে নিশা খোজ কাঢ়ি গৈ সোমবাৰে মন্দিৰৰ শিৱ লিংগত এই পবিত্ৰ পানী ঢালে। এই বল বম যাত্ৰাৰ সময়ত ভক্তসকলে গেৰুৱা বসন পৰিধান কৰা দেখা যায়। যাত্ৰীসকলে মুখেৰে বল বম বুলি উচ্চাৰণ কৰি পানী ঢালিবলৈ যোৱা পৰিলক্ষিত হয়।
উল্লেখ্য যে, সমুদ্ৰ মন্থনৰ সময়ত উৎপন্ন হৈছিল অমৃত আৰু গৰল(বিহ)। মন্থনত উৎপন্ন হোৱা বিহৰ প্ৰভাৱৰ পৰা সকলোকে ৰক্ষা কৰিবলৈ মহাদেৱে পান কৰিছিল এই হলাহল। বিহ খাই নীলকন্ঠ হোৱা মহাদেৱৰ কথা আমি সকলোৱে জানো। শিৱক বিহৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ দেৱতাসকলে শিৱৰ গাত পবিত্ৰ জল ঢালিছিল। সেয়েহে ভক্তসকলে মহাদেৱৰ গাত পবিত্ৰ শাওণত বল বম যাত্ৰা কৰি ঢালে পবিত্ৰ জল।
এই যাত্ৰাক কাৱৰ যাত্ৰা আৰু যাত্ৰীসকলক কাৱৰিয়া বুলি কোৱা হয়। ভক্তসকলে এডাল বাঁহৰ মাৰিত দুফালে দুটা ঘটিৰ দৰে পাত্ৰত পানী লৈ কান্ধত ওলোমাই নিয়ে।
পূৰ্বতে যদিও এই বল বম অথবা কাৱৰ যাত্ৰা উত্তৰ ভাৰতৰ ৰাজ্যসমূহত সীমাবদ্ধ আছিল, তাৰ পৰৱৰ্তী সময়ত দেশৰ বহু ঠাইলৈ বিয়পি পৰে এই প্ৰথা। অসমতো শিৱ ভক্তসকলে বল বম যাত্ৰা কৰি শিৱ মন্দিৰত পানী ঢালিবলৈ যায়। পিছে অতিমাৰী ক’ৰোনাৰ বাবে বিগত বছৰত ব্যাহত হৈ আছে এই পবিত্ৰ বল বম।