AssamCity newsleatest updatenationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আইন অন্ধ নহয়! এতিয়াৰে পৰা আইনৰ চকু হ’ব খোলা…. সলনি ‘লেডী অব জাষ্টিচ’

সলনি হ'ল দেশৰ বিচাৰ ব্যৱস্থাৰ প্ৰতীক....

আইনৰ চকু সদায় খোলা থাকিব। আইনৰ চকু সদায় বন্ধ বুলি থকা সেই বাৰ্তা এতিয়াৰে পৰা সলনি হ’ল। ভাৰতৰ ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক সিদ্ধান্ত। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নিৰ্দেশত সলনি হ’ল বিচাৰ ব্যৱস্থাৰ প্ৰতীক। সলনি হ’ল সৰ্বোচ্চ ন্যায়ালয়ৰ ‘লেডী অব জাষ্টিচ’ৰ প্ৰতিমূৰ্তি।

আইন অন্ধ নহয়! এতিয়াৰে পৰা আইনৰ চকু হ'ব খোলা.... সলনি ‘লেডী অব জাষ্টিচ’

সৰ্বোচ্চ ন্যায়ালয়ৰ লাইব্ৰেৰীত থকা ‘লেডী অব জাষ্টিচ’ৰ প্ৰতিমূৰ্তি সলনি হৈ পৰিল। খুলি দিয়া হ’ল ‘লেডী অব জাষ্টিচ’ৰ চকু ঢকা কাপোৰ। আঁতৰাই দিয়া হ’ল হাতত থকা তৰোৱাল। লেডী অৱ জাষ্টিচৰ প্ৰতিমূৰ্তিৰ বাওঁহাতত পূৰ্বে আছিল তৰোৱাল আৰু সোঁহাতত আছিল তুলাচনী।

‘লেডী অব জাষ্টিচ’ৰ চকু ঢাকি ৰখাৰ বিষয়টোক লৈ প্ৰায়েই কোৱা হৈছিল ‘আইন অন্ধ’ বুলি। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নিৰ্দেশত যি নতুন প্ৰতিমূৰ্তি স্থাপন কৰা হ’ল সেয়া হৈ পৰিল সম্পূৰ্ণ পৃথক।

আইন অন্ধ নহয়! এতিয়াৰে পৰা আইনৰ চকু হ'ব খোলা.... সলনি ‘লেডী অব জাষ্টিচ’

‘লেডী অব জাষ্টিচ’ৰ নতুন প্ৰতিমূৰ্তিত ‘আইনৰ চকু’ আৰু বন্ধা নহয়। এহাতে পূৰ্বৰ দৰেই থাকিব তুলাচনী, আনহাত, তৰোৱালৰ সলনি থাকিব ভাৰতৰ সংবিধান।

চকু ঢাকি ৰখা ‘লেডী অব জাষ্টিচ’ৰ বাৰ্তা আছিল যে বিচাৰ ব্যৱস্থাৰ ওচৰত সকলো সমান। কিন্তু নতুন প্ৰতিমূৰ্তিত তুলাচনীয়ে সকলোকে সমান দৃষ্টিৰে চাব কিন্তু আইনৰ চকু সদায় খোলা থাকিব। নতুন প্ৰতিমূৰ্তিৰ বাৰ্তা অনুসৰি তৰোৱালৰ সলনি আইনৰ অস্ত্ৰ এতিয়াৰে পৰা সংবিধান।

আইন অন্ধ নহয়! এতিয়াৰে পৰা আইনৰ চকু হ'ব খোলা.... সলনি ‘লেডী অব জাষ্টিচ’

পূৰ্বৰ ‘লেডী অব জাষ্টিচ’ৰ প্ৰতিমূৰ্তি দেখিবলৈ এগৰাকী যোদ্ধা নাৰী সদৃশ আছিল। হাতত থকা তৰোৱালে যেন ঔপনিৱেশিক শাসনৰ বাৰ্তা বহন কৰিছিল। কিন্তু নতুন প্ৰতিমূৰ্তিটো দেখিবলৈ যেন এগৰাকী শান্ত-সৌম্য ভাৰতীয় নাৰীৰ দৰে, যেন আইনৰ দেৱী। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অৱসৰৰ পূৰ্বেই সলনি হৈ পৰিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ‘লেডী অব জাষ্টিচ’ৰ প্ৰতিমূৰ্তি।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + seven =

Back to top button