
তেজপুৰৰ বিহগুৰিত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। তেজপুৰৰ বিহগুৰিৰ কমাৰ চুবুৰীৰ ৰাইজে এঘৰীয়া কৰা এঘৰ লোকৰ ঘৰত ন খাবলৈ যোৱাৰ বাবেই মৃতকৰ অন্তিম সৎকাৰৰ বাবে নাহিল স্থানীয় ৰাইজ। মৃতদেহ শ্মশানলৈ নিয়াৰ বাবে স্থানীয় ৰাইজ উপস্থিত নোহোৱাত আন গাঁৱৰ পৰা অহা লোকৰ দ্বাৰা সৎকাৰ ক্ৰিয়া সম্পন্ন কৰিবলগীয়া হয় পৰিয়ালটোৱে। মৃতকৰ শেষকৃত্যত নিদিষ্ট দুজনমানৰ বাহিৰে আন গাঁওৰ পৰা অহা লোকৰ দ্বাৰা অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।মৃত ভোগেশ্বৰ নাথৰ পৰিয়ালটোৰ একমাত্ৰ মহিলাগৰাকীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে সহায় বিচাৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ। বিহগুৰিৰ কমাৰ চুবুৰী গাঁৱৰ ৰাইজৰ সমাজ ব্যৱস্থাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা।