Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

দিল্লী সীমান্তত লাডাখৰ পৰিৱেশ কৰ্মী সোনম ৱাংকচুকক আটক… সোনমসহ ১৫০ পদযাত্ৰীক আটক….

সোনম ৱাংকচুকক দিল্লী সীমান্তত আটক

লাডাখৰ পৰা পদযাত্ৰা কৰি আহিছিল দিল্লীলৈ

সোনমসহ ১৫০ পদযাত্ৰীক আটক

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সোনমৰ

লাডাখবাসীক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ দাবী

লাডাখৰ পৰিৱেশ কৰ্মী সোনম ৱাংকচুকক দিল্লী, হাৰিয়ানা সীমান্তত আটক কৰে দিল্লী আৰক্ষীয়ে। সিংঘু সীমান্তত দিল্লী আৰক্ষীয়ে ডেৰশ সতীৰ্থৰ সৈতে সোনম ৱাংকচুকক আটক কৰে। তাৰ পিছতেই দিল্লীৰ ৰাজনীতি উত্তাল হৈ উঠে। লাডাখৰ লেহৰ পৰা সোনম ৱাংকচুকৰ নেতৃত্বত এক হাজাৰ লাডাখৰ লোকে দিল্লী অভিমুখে পদযাত্ৰা কৰি আহিছিল। কিন্তু দিল্লী চলো কাৰ্যসূচীৰে পদযাত্ৰীসকলে যেতিয়া ৱাংকচুকৰ নেতৃত্বত সিংঘু সীমান্তত উপস্থিত হয় তেতিয়াই দিল্লী আৰক্ষীয়ে আটক কৰে পদযাত্ৰীসকলক। সোনম ৱাংকচুকে ২ অক্টোবৰত ৰাজঘাটত গান্ধী জয়ন্তীৰ দিনা তেওঁলোকৰ পদযাত্ৰা সামৰণি মৰাৰ কথা আছিল। আটক হোৱাৰ পিছত সোনম ৱাংকচুকে X হেণ্ডেলত এইদৰে লিখিছে– মোক ১৫০ পদযাত্ৰীৰ সৈতে আটক কৰা হৈছে। দিল্লী আৰক্ষীয়ে আটক কৰা পদযাত্ৰীৰ মাজত আছে ৮০ৰো ঊৰ্ধ্বৰ বয়সৰ পুৰুষ মহিলা। তাৰ মাজত আছে অৱসৰপ্ৰাপ্ত সেনাও। বাপুজীৰ সমাধি ক্ষেত্ৰলৈ আমাৰ আছিল শান্তিপূৰ্ণ পদযাত্ৰা– এয়াই বৃহত্তম গণতন্ত্ৰৰ মাতৃ। হে ৰাম। এইদৰে উল্লেখ কৰি X হেণ্ডেলত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে সোনম ৱাংকচুকে। সোনম ৱাংকচুকৰ নেতৃত্বত চাৰিটা দাবী লৈ লাডাখৰ লেহ এপেক্স বুলি আৰু কাৰ্গিল ডেম’ক্ৰেট এলাইন্সে দিল্লী অভিমুখে এই পদযাত্ৰা উলিয়াইছিল। তেওঁলোকৰ প্ৰথম দাবীটো হৈছে– লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা। দ্বিতীয় দাবীটো হৈছে লাডাখৰ নিয়োগ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা। তৃতীয় দাবীটো হৈছে লাডাখত লোকসেৱা আয়োগ গঠন কৰা। আৰু চতুৰ্থ দাবীটো হৈছে লেহ আৰু কাৰ্গিল জিলাক লৈ দুটা সংসদীয় সমষ্টি গঠন কৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 20 =

Back to top button