অসমআঞ্চলিক

কাজিৰঙাত প্ৰকৃতিপ্ৰেমীৰ উৎকৃষ্ট নিদৰ্শন। পানীত ককবকাই থকা কণমানি পহু পোৱালি উদ্ধাৰ যুৱকৰ।

বন্যপ্ৰাণী বিপদত পৰিলে নিজে নোৱাৰিলেও বন বিভাগক খৱৰ দিয়াৰ আহ্বান যুৱকজনৰ।

এজন হৃদয়বান ব্যক্তি। বৰ্তমানৰ যান্ত্ৰিকতাৰ দিনতো কাজিৰঙাত প্ৰকৃতিপ্ৰেমীৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এজন যুৱকে। পানীত ককবকাই থকা এটি কণমানি পহু পোৱালি উদ্ধাৰ কাজিৰঙাৰ এজন যুৱকৰ। পোৱালিটো উদ্ধাৰ কৰি শুশ্ৰূষা আগবঢ়াই পুনৰ মাতৃক গতাই দিলে ১ নং কহঁৰাৰ শংকৰ ঘাটোৱালে।

উল্লেখ্য যে কেইটামান ঘণ্টাৰ পূৰ্বে কহঁৰা নদীৰ কাষতে জন্ম হোৱা পহু পোৱালিটো হঠাৎ পৰি যায় কহঁৰা নদীত৷ তাৰ কিছু পাছতে সেই পোৱালিটোক প্ৰথমে উদ্ধাৰ কৰি ঘৰলৈ আনি কাপোৰেৰে ঢাকি, উম দি পুনৰ মাতৃৰ কাষত থৈ আহিল পোৱালিটোক৷ বন্যপ্ৰাণী বিপদত পৰিলে নিজে নোৱাৰিলেও বন বিভাগক খৱৰ দিয়াৰ আহ্বান যুৱকজনৰ। বিপদত পৰা কণমানি পহু পোৱালিটোক উদ্ধাৰ কৰি পুনৰ মাতৃৰ বুকুত গুজি দি সুখী অনুভৱ কৰিছে শংকৰ ঘাটোৱালে৷ শংকৰ ঘাটোৱালৰ প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন শলাগ লৈছে এতিয়া প্ৰকৃতিপ্ৰেমী লোকে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + nineteen =

Back to top button