
কঁপি উঠিল জাপান। আকৌ জাপানত ভূমিকম্প। ভূমিকম্পৰ লগতে জাপানৰ উপকূলত ছুনামীৰ খুন্দা। জাপানৰ উত্তৰ-পূৱত ধ্বংসলীলা, ৩০ৰো অধিক আহত।
৭.৬ প্ৰাৱল্যৰ ভূমিকম্প কঁপি উঠিল জাপান। এইবাৰো জাপানৰ উত্তৰ-পূৱ প্রদেশত কম্পন অনুভূত হয় । এই এলেকাটো প্ৰিফেক্টৰ নামেৰে জনাজাত । সময় তেতিয়া জাপানৰ স্থানীয় সময় অনুসৰি সোমবাৰে নিশা ১১টা ১৫ মিনিট। আইওয়েট প্রদেশত প্রশান্ত মহাসাগৰৰ উপকূলত অনুভূত হয় কম্পন। শক্তিশালী কম্পনত কঁপি উঠিল জাপান । লগে লগে বাজি উঠিল ছাইৰেন। চৌদিশে হুৱা দুৱা। প্ৰবল কম্পনত অট্টালিকাৰ গ্লাচ ভাঙি যায় । লৰি যায় কাৰ্যালয়,ঘৰ-বাৰী । ভাঙি যায় ঘৰৰ খিৰিকি । মেট্ৰো ৰেলৰ ভিতৰতো জোকাৰণি অনুভুত হয় । ৰাজপথৰ বৈদ্যুতিক খুটাও লৰি যোৱা দেখা যায় ।
ভূমিকম্পৰ পাছতেই হোক্কাইডো, আওমোৰি ছুনামীৰ সতৰ্কতা জাৰি কৰা হয় । য়াতত সৰু ছূনামীয়ে খুন্দা মাৰে । য়াতৰ কুজি বন্দৰত ছুনামীৰ ঢৌৱে খুন্দিয়ায় । এই ছুনামীৰ ঢৌৰ উচ্চতা আছিল ৭০ চেন্টিমিটাৰ । কুজি বন্দৰৰ সমীপৰ পৰা ২৮ হাজাৰ লোকক স্থানান্তৰ কৰা হৈছে । এই ভূমিকম্পনৰ বাবে বৃহত চুনামিৰ আশংকাও কৰা হয় । সমূদ্ৰৰ ঢৌ তিনি মিটাৰলৈ উঠিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে । হোক্কাইডো, আওমোৰি আৰু ইওয়াতত চুনামিয়ে খুন্দা মাৰিব বুলি আশংকা কৰা হৈছে । উপকূলৱৰ্তী এলাকাৰ পৰা স্থানীয় লোকসকলক স্থানান্তৰ কৰা হৈছে । মুঠ ৯০ হাজাৰ লোকক স্থানান্তৰ কৰা হয় । ৩৫ হাজাৰ পৰিয়ালৰ ঘৰত বিদ্যুত সংযোগ বিচ্ছিন্ন হৈছে । ইয়াৰ মাজত জাপানাৰ এটা পৰমানু প্ৰকল্পৰ শিতলীকৰণ ব্যৱস্থাত সোমাল ছুনামীৰ পানী । অৱশ্যে জাপানৰ কোনো পৰমানু প্ৰকল্পত ক্ষতিগ্ৰস্ত হোৱা নাই বুলি প্ৰকাশ কৰিছে জাপান চৰকাৰে । উল্লেখ্য যে বিগত মাহতো জাপানত প্ৰবল ভূমিকম্পৰ অনুভূত হৈছিল ।
