দিল্লী ঘটনাৰ সৈতে কি সম্পৰ্ক শ্ৰীনগৰ বিস্ফোৰণৰ
কেনেকৈ সংঘটিত হʼল বিস্ফোৰণ

ৰাজধানী দিল্লীৰ লালকিল্লাৰ সন্মুখৰ ভয়ানক বিস্ফোৰণৰ বিভিষিকা শেষ নহওঁতেই শ্ৰীনগৰত সংঘটিত হʼল এক ভয়ানক বিস্ফোৰণৰ ঘটনা। শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নওগাম আৰক্ষী থানাত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই ঘটনাত এতিয়ালৈকে কমেও ৯ জন লোক নিহত হোৱাৰ লগতে ২৯ জন লোক আহত হয়। ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী মডিউল গোচৰৰ সৈতে জড়িত জব্দকৃত বিস্ফোৰক সামগ্ৰীৰ বাবে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । নিশা প্ৰায় ১১.২০ বজাত বিস্ফোৰণৰ শব্দই চহৰখন কঁপাই তোলে । ফলত বাসিন্দাসকল আতংকিত হৈ পৰে।
নিশা প্ৰায় ১১.২০ বজাত ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ এটা দল, আৰক্ষী জোৱান আৰু স্থানীয় নাইব তহচিলদাৰে ষ্টেচনৰ ভিতৰত জব্দ কৰা সামগ্ৰীখিনি পৰীক্ষা কৰি থকাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয়। দিল্লীৰ লালকিল্লা বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িতৰ অভিযোগ উত্থাপন কৰা সন্ত্ৰাসবাদী মডিউলটোৰ তদন্তৰ কেন্দ্ৰবিন্দুত আছে এই থানাখন । এই বিস্ফোৰণত ভুক্তভোগীসকলৰ অধিকাংশই আৰক্ষী আৰু ফৰেনছিক বিষয়া । আৰক্ষীয়ে জনোৱা মতে, হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা অনা বিস্ফোৰক সামগ্ৰী জোৱানসকলে চম্ভালি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয় । ধৃত চিকিৎসক মুজাম্মিল গনাইৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হোৱা ৩৬০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰীৰ অংশ এই সামগ্ৰীৰ নমুনা চলিত তদন্তৰ অংশ হিচাপে লোৱা হৈছে বুলি বিষয়াসকলে জনায় ।
এগৰাকী বিষয়াই জনোৱা মতে, ফৰেনছিক দলটো থানাত উপস্থিত হৈ সামগ্ৰীবোৰ পৰিদৰ্শন কৰি আছে । আনহাতে, আৰক্ষীয়ে এই ঘটনাত কোনো ধৰণৰ সন্ত্ৰাসবাদী সংযোগ নুই কৰি ইয়াক আকস্মিক বিস্ফোৰণ বুলি অভিহিত কৰিছে । নাম প্ৰকাশত অনিচ্ছুক আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘এয়া সন্ত্ৰাসবাদী আক্ৰমণ নহয়, বৰঞ্চ স্পৰ্শকাতৰ সামগ্ৰী চম্ভালাৰ সময়ত আকস্মিকভাৱে হোৱা বিস্ফোৰণ । এয়া এক অতি দুৰ্ভাগ্যজনক ঘটনা ।”
বিস্ফোৰণস্থলীৰ পৰা ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি সংবাদ সংস্থাটোৱে আৰক্ষী বিষয়াৰ উদ্ধৃতি দি জনাইছে । অৱশ্যে মৃতকেইজনৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই বুলিও জানিবলৈ দিয়ে । মৃতদেহকেইটা শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ লৈ যোৱা হৈছে । আনহাতে, মহানগৰীৰ বিভিন্ন চিকিৎসালয়ত কমেও ২৪ জন আৰক্ষী জোৱান আৰু তিনিজন সাধাৰণ নাগৰিকক ভৰ্তি কৰোৱা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । একেৰাহে কেইবাটাও সৰু সৰু বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত বোমা নিষ্কাশন দলটোৱে তৎক্ষণাত উদ্ধাৰ অভিযান চলাব পৰা নাছিল । উদ্ধাৰ হোৱা বিস্ফোৰকসমূহৰ কিছুমান আৰক্ষীৰ ফৰেনছিক লেবত ৰখা হৈছে যদিও ৩৬০ কেজি বিস্ফোৰকৰ মূল অংশ থানাত মজুত কৰা হৈছিল, য’ত সন্ত্ৰাসবাদী মডিউলৰ প্ৰাথমিক গোচৰ পঞ্জীয়ন কৰা হৈছিল । থানাখন আৱাসিক কল’নীৰ ভিতৰত অৱস্থিত আৰু ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ঘটনাস্থলীৰ প্ৰাৰম্ভিক ভিডিঅ’ত দেখা গৈছে যে কৰ্মীসকলে অগ্নি নিৰ্বাপণৰ চেষ্টা কৰি আছে । অঞ্চলটোৰ বাসিন্দাসকলে জনোৱা মতে, ঘটনাৰ কিছু সময়ৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন ব্ৰিগেড আৰু এম্বুলেন্স অঞ্চলটোত উপস্থিত হয় । আৰক্ষী আৰু নিৰাপত্তা বাহিনীও উক্ত স্থানত উপস্থিত হয় ।
আনহাতে, বিস্ফোৰণৰ ফলত থানাৰ ভিতৰত যথেষ্ট ক্ষতি হোৱাৰ লগতে ওচৰৰ ঘৰবোৰো ক্ষতিগ্ৰস্ত হয় বুলি বিষয়াসকলে লগতে কয় । এই তীব্ৰ বিস্ফোৰণৰ প্ৰভাৱত শ্ৰীনগৰৰ এক বিস্তৃত অংশও জোকাৰি যায় । ১০ নৱেম্বৰৰ দিল্লী বিস্ফোৰণৰ ঘটনা শ্ৰীনগৰৰ নওগাম অঞ্চলত আপত্তিজনক পোষ্টাৰৰ সৈতে জড়িত । ইয়াৰ বাবে ১৯ অক্টোবৰত এফ আই আৰ পঞ্জীয়ন কৰা বুলি সূত্ৰই জনাইছে । আনহাতে, সন্ত্ৰাসবাদী পৰিকল্পনাৰ সৈতে জড়িত জইছ-ই-মহম্মদ মডিউল নিঃশেষৰ বাবে নিৰাপত্তা বাহিনীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে ।
এই গোচৰৰ তদন্তৰ সময়ত ২০ৰ পৰা ২৭ অক্টোবৰৰ ভিতৰত শ্বোপিয়ান আৰু গণ্ডাৰবলৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু ৫ নৱেম্বৰত উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰৰ পৰা চিকিৎসক ডাঃ আদিলক গ্ৰেপ্তাৰ কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে । তেওঁলোকে জনোৱা মতে, দুদিন পিছত অনন্তনাগ হাস্পতালত এটা এ কে ৫৬ ৰাইফল আৰু অন্যান্য গুলী-বাৰুদ জব্দ কৰাৰ লগতে পৰৱৰ্তী সময়ত ফৰিদাবাদৰ এটা স্থানৰ পৰা অধিক বন্দুক, পিষ্টল, বিস্ফোৰক উদ্ধাৰ কৰা হয় । জেৰাৰ সময়ত অভিযুক্তই এই মডিউলৰ সৈতে জড়িত আন ব্যক্তিসকলৰ নাম প্ৰকাশ কৰে । ইয়াৰ পিছতে ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজৰ চিকিৎসক ডাঃ মুজাম্মিলক গ্ৰেপ্তাৰ কৰা হয় বুলি সূত্ৰই জানিবলৈ দিয়ে । এই তথ্যৰ ভিত্তিত আন কেইবাজনকো গ্ৰেপ্তাৰ কৰা হয় আৰু অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ বৃহৎ মজুত জব্দ কৰা হয় ।
যোৱা ৯ নৱেম্বৰত ফৰিদাবাদৰ ধৌজ নিবাসী মাদ্ৰাচী নামৰ এজন ব্যক্তিক নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । পিছদিনা ফৰিদাবাদৰ ধেৰা কলনীৰ আল ফালাহ মছজিদৰ ইমাম তথা মেৱাটৰ বাসিন্দা হাফিজ মহম্মদ ইস্তিয়াকৰ ঘৰৰ পৰা ২৫৬৩ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয় । পৰৱৰ্তী অভিযানত ৩৫৮ কিলোগ্ৰাম অতিৰিক্ত বিস্ফোৰক সামগ্ৰী, ডিটনেটৰ, টাইমাৰ জব্দ কৰা হয় বুলি সূত্ৰই জনায় আৰু এই মডিউলে জমা কৰা প্ৰায় ৩ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক আৰু বোমা নিৰ্মাণৰ সঁজুলিও জব্দ কৰা হয় । এই অভিযানসমূহৰ সময়ত মডিউলৰ অংশ হিচাপেও কাম কৰা আৰু আল ফালাহ মেডিকেল কলেজৰ চিকিৎসক ওমৰে নিৰাপত্তাৰক্ষীৰ অহৰহ হেঁচাত পৰাৰ বাবে নিজৰ স্থান সলনি কৰে বুলি সূত্ৰসমূহে জনায় । চিচিটিভিৰ ফুটেজ অনুসৰি, লালকিল্লাৰ বিস্ফোৰণ সংঘটিত হোৱা গাড়ীখন এই মডিউলৰ সদস্য ওমৰে চলাইছিল । ফৰিদাবাদত মজুত থকা একে ধৰণৰ সামগ্ৰীৰেই এই বিস্ফোৰণ সংঘটিত হয় । উল্লেখ্য যে ফৰিদাবাদৰ পৰা প্ৰায় ৩ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক জব্দ কৰা হৈছিল ।
অৱশ্যে সূত্ৰই কয় যে এই বিস্ফোৰণটো পূৰ্ব পৰিকল্পিত নে আকস্মিক বিস্ফোৰণ সেয়া পৰৱৰ্তী তদন্ততহে জানিব পৰা যাব । আনহাতে, নিৰাপত্তা সংস্থা আৰু চোৰাংচোৱা নেটৱৰ্কে সফলতাৰে এই ফৰিদাবাদ মডিউলটোক নিঃশেষ কৰে আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰি দেশত বৃহৎ পৰিসৰৰ ক্ষতিসাধন কৰাৰ লক্ষ্যৰে কৰা এক বৃহৎ ষড়যন্ত্ৰ ৰোধ কৰে । সূত্ৰসমূহে জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ এই সফল অভিযানত আতংকিত হৈ ওমৰে পলায়ন কৰে আৰু তেওঁৰ উদ্বেগ আৰু হতাশাৰ বাবেই সম্ভৱতঃ লালকিল্লাৰ বিস্ফোৰণ ঘটিছিল। অৱশ্যে সেয়া ইচ্ছাকৃতভাৱে কৰা হৈছিল নে আকস্মিকভাৱে হৈছিল সেয়া তদন্তত উন্মোচিত হ’ব । কিন্তু এইটো নিশ্চিত যে এই বিস্ফোৰণটো সেই একেটা শৃংখলাৰ পৰিঘটনাৰ অবিচ্ছেদ্য অংশ আছিল, য’ত এক ডাঙৰ সন্ত্ৰাসবাদী মডিউল উন্মোচিত হৈছিল আৰু বিপুল পৰিমাণৰ বিস্ফোৰক জব্দ কৰা হৈছিল । উল্লেখ্য যে মঙলবাৰে বিস্ফোৰণৰ খবৰ অহাৰ লগে লগে দিল্লী আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থা ততাতৈয়াকৈ ঘটনাস্থলীলৈ যায় । গৃহমন্ত্ৰী অমিত শ্বাহে লগে লগে এন এছ জি, এন আই এ আৰু ফৰেনছিক দলক উক্ত স্থানত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে । আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বিস্ফোৰণত ব্যৱহৃত বাহনখনৰ গৰাকীও নিশ্চিত কৰা হয় ।