
‘ৰৈ ৰৈ বিনালে’ চিনেমা খনৰ ট্ৰেইলাৰটোত এটা ডাইলগ আছে, “গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ।” সেই কথাই যেন সঁচা হৈছে এতিয়….
বহিৰাগত বনিয়াই এতিয়া হেতালি খেলিছে অসমীয়াৰ আবেগক লৈ। জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন চিনেমা, জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন চাবলৈ অধীৰ আগ্ৰহী হৈ আছিল অসমবাসী। কিন্তু সেই আশাত যেন চেঁচা পানী ঢালিছে এতিয়া চিনেমা হলৰ মালিকে। BOOK MY SHOW ত টিকট বুকিং মুকলি হোৱাৰ পিছতে লক্ষাধিক লোকে টিকট বুকিং কৰিছিল আৰু তাৰেই সুযোগ লৈ ৰাতিটোৰ ভিতৰতে বঢ়াই দিলে টিকতৰ দাম। ‘ৰৈ ৰৈ বিনালে’ চাবলৈ এতিয়া সাধাৰণ মানুহে হাজাৰ বাৰ চিন্তা কৰিব লাগিব। ১০০ টকা পৰ্যন্ত বঢ়াই দিলে টিকতৰ দাম। জুবিন গাৰ্গ নামৰ সত্তাটোৰ নামত আৰম্ভ কৰিলে বৃহৎ বেপাৰ। কোনে নাকি লগাব এইসকল বেপাৰীক ? কেতিয়া হʼব অসমীয়াৰ তৰ্জনী আঙুলিৰ তৰ্জন-গৰ্জন? কোনে লʼব আগভাগ ?
গুৱাহাটীৰ একাংশ চিনেমাহলত পূৰ্বতকৈ বাঢ়িল টিকটৰ দাম
Cinepolisত ২২০ টকীয়া টিকট হ’লগৈ ৩২০ টকা
২৪০ টকীয়া টিকট হ’লগৈ ৩৪০ টকা
VIPৰ ৪৫০ টকীয়া টিকট হ’লগৈ ৬০০ টকা
PVRতো বৃদ্ধি টিকটৰ দাম
৩৩০ টকীয়া Prime Plus টিকট হ’লগৈ ৪২০ টকা
২৮০ টকীয়া Prime টিকট হ’লগৈ ৩৮০ টকা।
২৫০ টকীয়া Classic টিকট হ’লগৈ ৩৬০ টকা
প্ৰতিটো টিকটৰ দাম বাঢ়িল প্ৰায় ১০০ টকা
বহুতে কৈছে ছবিখনৰ আমোদ কৰ চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগে। কিন্তু বাস্তৱ সত্যটো হ’ল অসমত এতিয়া কোনো আমোদ কৰৰ ব্যৱস্থা নাই, আছে কেৱল GST ৰ ব্যৱস্থা। এখন ছবি হলত চলাবলৈ হ’লে প্ৰযোজক এজনে এজন বিতৰক ল’বলগীয়া হয়। প্ৰতিখন অসমীয়া ছবিৰ বাবদ একোজন বিতৰকে ১০% কমিছন লয়। সেই একেই প্ৰযোজক সকলে একোখন হিন্দী চিনেমাৰ বাবদ ডেৰৰ পৰা দুই শতাংশ কমিছন লাভ কৰে। জুবিনৰ ছবিৰ বাবে কোনেও ত্যাগ কৰা নাই, সকলো কৰ্তৃপক্ষই যেন বিচাৰিছে জুবিনৰ ছবিৰ পৰা অধিক লাভ হওঁক। তেওঁলোকে ভালকৈ জানে টিকটৰ মূল্য বৃদ্ধি পালেও জুবিন অনুৰাগীয়ে জুবিনৰ ছবি চাবই।


