Assamassam policeCity newsCrimenorth eastঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিভাৰতসংস্কৃতি

জাতীয়তাবাদৰ পূৰ্ণ নিদৰ্শন হাগ্ৰামা মহিলাৰীৰ। চকুত চকু থৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰস্তাৱ

এমাহতে দুবাৰ অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৱ নিৰ্মিত বিমানবন্দৰ টাৰ্মিনেল উদ্ঘাতন আৰু শেহতীয়াকৈ কাজিৰঙা এলিভেটেত কৰিডৰ আৰু বাগৰুম্বাৰ বিশ্ব অভিলেখৰ সাক্ষী হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বাগৰুম্বাৰ বিশ্ব অভিলেখৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰাপ্য বিচাৰিলে মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। উল্লেখযোগ্য যে, ১৭ জানুৱাৰীত ১০ হাজাৰ যুৱক-যুৱতীয়ে বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগুৰুম্বা দ’হৌ প্ৰৰ্দশন কৰে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ সন্মুখত।

সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত বিভিন্ন ৰঙৰ দখনাৰে উজ্বলি উঠিল বড়ো লোকৰ সংস্কৃতি অনন্য চানেকি। চৌপাশে বিভিন্ন ব্যস্ততাৰ মাজতে ৰাজ্যৰ বিভিন্ন মন্ত্ৰী, বিধায়কৰ লগতে BTCৰ কাৰ্যবাহী সদস্যসকল আৰু তাত উপস্থিত BTC CHIEF হাগ্ৰামা মহিলাৰী। সভাৰ মাজতে সন্মুখৰ পৰা নিজৰ প্ৰাপ্য আধিকাৰ বিচাৰি সকলোৰে মাজত ‘হিৰো’ হ’ল হাগ্ৰামা মহিলাৰী। ২০০৩ চনৰ বড়ো চুক্তি আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ২০২০ চনৰ বড়ো চুক্তি হ’ল যদিও বড়ো শান্তি চুক্তিৰ কিছু দফা এতিয়াও কাৰ্যকাৰী কৰা নাই, প্ৰধানমন্ত্ৰী মোদীয়ে যাতে বড়ো শান্তি চুক্তিৰ বাকী থকা কামখিনি কৰি বড়ো ভূমিত স্থায়ী শান্তিৰ পথ মুকলি কৰে তাৰ বাবে আহ্বান কৰে হাগ্ৰামা মহিলাৰীয়ে। ২০০৩ চনত স্বাক্ষৰিত BTCৰ চুক্তি আৰু ২০২০ চনত স্বাক্ষৰিত BTR চুক্তিৰ ৰূপায়ণ নোহোৱা দফাসমূহ ৰূপায়ণ কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাই বড়ো জনজাতিৰ জাতীয় স্বাভিমানৰ প্ৰতীক হৈ পৰে আৰু তাৰ পাছতেই সকলোৰে চৰ্চাত নেতা কেনেকুৱা হ’ব লাগে দেখুৱাই দিলে BTC CHIEF গৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ চকুত চকু থৈ নিজৰ প্ৰাপ্য বিচৰা এনে নেতা বিৰল। বন্ধকোঠাৰ ভিতৰত অসম চুক্তিৰ কথা আলোচনা কৰা নেতাই ইয়াৰ পৰা বহুত শিকিবলগীয়া আছে বুলিও বহুলোকৰ মাজত আলোচনা হৈছে। বিহু বিনন্দীয়া, ঝুমুৰ বিনন্দিনীৰ পিছত ‘বাগুৰুম্বা দ’হৌক’ বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে। সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে নিজৰ মন্তব্য ৰাখি কয় যে, নৰেন্দ্ৰ মোদী মোৰ পুৰণি বন্ধু। কালি প্ৰধানমন্ত্ৰীয়ে বাগৰুম্বা চাই সন্তুষ্ট বুলি মোক কৈ গৈছে। তেওঁ নিজেই আহি মোক দুবাৰকৈ হেণ্ডচেক কৰিছে আৰু তেওঁ জনাই যে BTC এলায়েন্স নিৰ্বাচনত বিজেপিৰ সৈতে হোৱা নাছিল BPFৰ। বিজেপিক পৰাজিত কৰাৰ পিছত হে বিজেপিয়ে মিত্ৰতা কৰিছিল হাগ্ৰামা লগত। চল বল, কৌশলেৰেও চেষ্টা কৰি পৰাজিত কৰিব নোৱাৰিলে বিজেপিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + eight =

Back to top button