আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাপৰিৱেশপ্ৰতিৰক্ষাপ্ৰযুক্তি

হংকঙৰ ৭০ বছৰতকৈও অধিক সময়ৰ আটাইতকৈ মাৰাত্মক বিপৰ্যয়

কিমান যন্ত্ৰনাদায়ক এই মৃত্য়ু ?

২০২৫ চনৰ নৱেম্বৰ মাহত হংকঙত সংঘটিত হোৱা ওৱাং ফুক কোৰ্ট অগ্নিকাণ্ডক হংকঙৰ সাম্প্ৰতিক ইতিহাসৰ আটাইতকৈ ভয়ানক বিপৰ্যয় বুলি গণ্য কৰা হয়। এই অগ্নিকাণ্ডই কেৱল প্ৰাণহানি ঘটোৱাই নহয়, নিৰ্মাণ সুৰক্ষা, চৰকাৰী তদাৰকি আৰু দাহ্য সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

ঘটনাৰ স্থান আৰু পটভূমি:- হংকঙৰ নিউ টেৰিটৰিজৰ তাই পো জিলাৰ ওৱাং ফুক কোৰ্ট নামৰ আবাসিক কমপ্লেক্সত এই অগ্নিকাণ্ড সংঘটিত হয়। এই কমপ্লেক্সত ৮ টা ৩২ মহলীয়া টাৱাৰ আছে, য’ত প্ৰায় ৪,৬০০ লোকে বাস কৰে। বাসিন্দাৰ বহুভাগ বয়স্ক আৰু নিম্ন-মধ্যবিত্ত শ্ৰেণীৰ। ১৯৮০ চনত নিৰ্মিত এই কমপ্লেক্সত বাহিৰৰ দেৱালৰ মেৰামতিৰ কাম চলি আছিল, যাৰ বাবে সমগ্ৰ ভৱনসমূহ বাঁহ আৰু সেউজীয়া নেটেৰে আবৃত আছিল।

অগ্নিকাণ্ডৰ সূচনা আৰু বিয়প্তি:- ২০২৫ চনৰ ২৬ নৱেম্বৰত দুপুৰীয়া প্ৰায় ২:৫১ বজাত ওৱাং চেং হাউচ (ব্লক এফ)ৰ তলৰ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰথমে সুৰক্ষা নেটত জুই লাগে আৰু মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ৮খন টাৱাৰৰ ৭খনত জুই বিয়পি পৰে। হংকঙৰ দমকল বিভাগে এই অগ্নিকাণ্ডক সৰ্বোচ্চ লেভেল ৫ হিচাপে ঘোষণা কৰে। শুকান বতৰ আৰু কম আৰ্দ্ৰতাৰ বাবে জুই অতি দ্ৰুতগতিত বিয়পে।

জুই বিয়পাৰ মূল কাৰণসমূহ:- দাহ্য সামগ্ৰী: স্কেফ’ল্ডিঙৰ সেউজীয়া নেট আৰু জালি, ঢাকিবলৈ ব্যৱহাৰ কৰা পলিষ্টাইৰিন ফ’ম ব’ৰ্ড অতি দাহ্য আছিল।
বাঁহৰ স্কেফ’ল্ডিং: হংকঙত পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা এই সামগ্ৰী জুইত সহজে জ্বলে।
ফায়াৰ অ্যালাৰ্মৰ বিকলতা: সমগ্ৰ কমপ্লেক্সত অ্যালাৰ্ম ব্যৱস্থা সঠিকভাৱে কাম নকৰিছিল।
ভৱনৰ ডিজাইন: টাৱাৰসমূহৰ ওচৰা-ওচৰিকৈ থকাৰ বাবে জুই সহজে এটাৰ পৰা আনটোলৈ বিয়পে।

প্ৰাণহানি আৰু আহত:- ডিচেম্বৰ ২০২৫ৰ তথ্য অনুসৰি কমেও ১৬০ জন লোকৰ মৃত্যু হয়, যাৰ ভিতৰত এজন দমকলকৰ্মী (হো ৱাই-হো) আৰু কেইজনমান বিদেশী ঘৰুৱা কৰ্মী (ফিলিপাইন আৰু ইণ্ডোনেছিয়াৰ) অন্তৰ্ভুক্ত। ৭৯ জন আহত হয় আৰু কেইজনমান এতিয়াও নিৰুদ্দেশ। বহু বাসিন্দা নিজৰ ফ্লেটতে আবদ্ধ হৈ মৃত্যুমুখত পৰে, বিশেষকৈ বয়স্ক লোকসকল যিসকলে দ্ৰুত পলায়ন কৰিব নোৱাৰিছিল। এই অগ্নিকাণ্ড হংকঙৰ ৭০ বছৰতকৈও অধিক সময়ৰ আটাইতকৈ মাৰাত্মক বিপৰ্যয়।

উদ্ধাৰ আৰু ত্ৰাণ কাৰ্য:- দমকল বিভাগে প্ৰায় ৭০০ খন firebrigade ৰ সহায়ত দুদিন ধৰি জুই নিয়ন্ত্ৰণ কৰিবলৈ যুঁজে। ১২ জন দমকলকৰ্মী আহত হয়। চৰকাৰে অস্থায়ী আশ্ৰয়ৰ ব্যৱস্থা কৰে আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰে। নিহতসকলৰ স্মৃতিত শোক প্ৰকাশ কৰা হয়।

তদন্ত আৰু গ্ৰেপ্তাৰ:- চৰকাৰে বিচাৰকৰ নেতৃত্বত স্বাধীন তদন্ত কমিটি গঠন কৰে। নিৰ্মাণ কোম্পানীৰ কেইজনমান ডাইৰেক্টৰ আৰু পৰামৰ্শদাতাক মেনস্ল’টৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। দুৰ্নীতিৰ অভিযোগো উত্থাপিত হয় কাৰণ বাসিন্দাসকলে আগতেই সামগ্ৰীৰ সুৰক্ষাৰ বিষয়ে অভিযোগ কৰিছিল। কেইজনমান সমালোচকক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত আটক কৰা হয়। এই বিপৰ্যয়ে হংকঙৰ নিৰ্মাণ নিয়মাৱলী আৰু তদাৰকি ব্যৱস্থাৰ গুৰুতৰ ত্ৰুটি পোহৰলৈ আনিছে আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ নতুন নিয়মাৱলী প্ৰৱৰ্তনৰ দাবী উঠিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button