Assamleatest update
ফাদিল প্ৰশ্নকাকত, বাতিল পৰীক্ষা!
বাতিল হোৱা বিষয়সমূহৰ নম্বৰ ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব।

ফাদিল প্ৰশ্নকাকত, বাতিল পৰীক্ষা! এখনৰ পাছত আনখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত বাতিল কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষা।
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষাসমূহক লৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। পৰীক্ষা অনুষ্ঠিত কৰাত ধাৰাবাহিক ব্যৰ্থতাৰ পিছতে উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰা হৈছে। বাকী থকা পৰীক্ষাসমূহ আৰু অনুষ্ঠিত নহয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিছে এই জাননী।
বাতিল হোৱা বিষয়সমূহৰ নম্বৰ ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব। অনুষ্ঠিত হৈ যোৱা পৰীক্ষাসমূহৰ মাৰ্কশ্বিট লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে।