অসমগুৱাহাটী

মহানগৰবাসীলৈ সুখবৰ, এতিয়াৰ পৰা মহানগৰবাসীয়ে গচকিব নালাগে নলা-নৰ্দমাৰ লেতেৰা পানী

এই চুপাৰ চেকাৰৰ জৰিয়তে পৰিষ্কাৰ কৰা হ'ব নলা-নৰ্দমা। নলা নিষ্কাশনৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ট্ৰাকৰ সহায়ত পৌৰ নিগমে খ্ৰীষ্টান বস্তিত আৰম্ভ কৰিছে কাম।

গুৱাহাটী বাসীক কৃত্ৰিম বান মুক্ত কৰাৰ লক্ষ্যৰে পৌৰ নিগমৰ বিশেষ পদক্ষেপ। ২৬ কোটি টকা ব্যয়ৰে অসমলৈ অনা হৈছে ১০খনকৈ চুপাৰ চেকাৰ।

এই চুপাৰ চেকাৰৰ জৰিয়তে পৰিষ্কাৰ কৰা হ’ব নলা-নৰ্দমা। নলা নিষ্কাশনৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ট্ৰাকৰ সহায়ত পৌৰ নিগমে খ্ৰীষ্টান বস্তিত আৰম্ভ কৰিছে কাম। দুখনকৈ চুপাৰ চেকাৰৰ সহায়ত খ্ৰীষ্টান বস্তিত নিষ্কাশন কৰা হৈছে লেতেৰা পানী।

উল্লেখ্য যে, চুপাৰ চেকাৰৰ জৰিয়তে ইতিমধ্যে আহমেদাবাদৰ লগতে দেশৰ ভিন্ন স্থানত চলোৱা হৈছে স্বচ্ছতাৰ অভিযান। সেয়েহে মহানগৰ বাসীকো কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ দিবৰ বাবে হাতে কামে লাগিছে গুৱাহাটী পৌৰ নিগম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button