leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি
গুৱাহাটী বাসীৰ বাবে সুখবৰ! দেশৰ ভিতৰতে মহানগৰীত হ’ব দ্বিতীয় দীৰ্ঘতম উৰণীয়া সেতু …
প্ৰায় ৮৫২.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব এই উৰণীয়া সেতু৷
গুৱাহাটী বাসীৰ বাবে সুখবৰ! দেশৰ ভিতৰতে মহানগৰীত হ’ব দ্বিতীয় দীৰ্ঘতম উৰণীয়া সেতু ৷ এই সেতুখন হব চাৰিলেন যুক্ত। নুনমাটিৰ পৰা সন্দিকৈ মহাবিদ্যালয়লৈ নিমাৰ্ণ কৰা হব সেতুখন।
প্ৰায় ৮৫২.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব এই উৰণীয়া সেতু৷ ইয়াৰ দৈৰ্ঘ্য হ’ব ৫.৪ কিলোমিটাৰ৷ ৰাজ্যিক কেবিনেটৰ পাছতে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই৷
উল্লেখেয যে, এই উৰণ সেতুখনৰ যোগেদি গুৱাহাটীৰ মহানগৰীৰ যান-জঁটৰ সমস্যা বহু হ্ৰাস পাব বুলি আশা চৰকাৰৰ।