
মানকাচৰত মহিলাক ধৰ্ষণ কৰি নগদ ১০ লাখ টকা সহ ২০ লাখ টকাৰ সোণৰ অলংকাৰ ডকাইতি। ভুক্তভুগী মহিলা সহ আটক কৰে দুজনক। লগতে উদ্ধাৰ কৰা হৈছে নগদ ১০ লাখ টকাৰ লগতে প্ৰায় ১০ লাখ টকাৰ সোণৰ আ- অলংকাৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব ধৰ্ষণ কৰি ডকাইতি কৰাৰ অভিযোগ তোলা মহিলা সহ ধৃত ডকাইত জন। ধৃত ডকাইত জনক গোৱালপাৰা জিলাৰ ২ নং বদলমাৰী গাঁৱৰ নুৰ মহাম্মদৰ পুত্ৰ ৰহমত আলী বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ বিবৰণী মতে, যোৱা ১৫ নৱেম্বৰ নিশা মানকাচাৰৰ ৱাইদুল ইছলামৰ ঘৰত ৰহস্য জনক ডকাইতি কাণ্ড সংঘটিত হয়। ৱাইদুলৰ ভাই বোৱাৰীয়ে প্ৰেমীকৰ লগত লগ লাগি ডকাইতিৰ ৰুপ দিছিল৷ প্ৰয়াত ছাইদুলৰ পত্নীক ডকাইতে ধৰ্ষণ কৰি নগদ ১০ লাখ টকা আৰু প্ৰায় ১০ লাখ টকাৰ সোণৰ অলংকাৰ লুট কৰি নিয়ে। ঘটনাক লৈ ১৬ নৱেম্বৰত বিধবা মহিলা জনীৰ স্বামী পৰিয়ালে মানকাচাৰ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই নিশা ধৰ্ষণৰ অভিযোগ তোলা বিধবা মহিলা জনীক আটক কৰাৰ লগতে গোৱালপাৰাৰ আৰক্ষীৰ সহযোগত গোৱালপাৰাৰ পৰা আটক কৰে ডকাইত ৰহমতক। আৰক্ষীৰ তদন্তত নাটকীয় ডকাইতি আৰু ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে।
বিধবা মহিলা গৰাকীৰ পৰাকীয়া প্ৰেমিক হৈছে ৰহমত আলী। স্বামীৰ মৃত্যুৰ পিছত দুয়ো ২০২২ চনত আদালতত গোপনে বিবাহ পাতিছিল। প্ৰয়াত স্বামীৰ পৰিয়ালৰ ঘৰৰ পৰা নগদ টকা আৰু সোণৰ অলংকাৰ খিনি লুটি নিয়াৰ পৰিকল্পনা কৰিছিল দুয়ো। সেয়েহে নাটকীয় ভাবে ধৰ্ষণ কৰি ডকাইতি কৰা বুলি অভিযোগ তুলি ১৬/১১/২০২৫ তাৰিখে মানকাচৰ আৰক্ষী থানাত ১৫২/২০২৫ নম্বৰত এখন এজাহাৰ দাখিল কৰিছিল৷ মানকাচৰ আৰক্ষীয়ে ৩২৯(৪)/৬২/৬৪/৩০৬/৩(৫)বি এন এছ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অৱ্যহত ৰাখিছিল৷ বৰ্তমান আৰক্ষীৰ তদন্তত সকলো তথ্য পৰহিলৈ আহিছে।

