Assam

কাইলৈ মহাষষ্ঠী; দুৰ্গা পূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা।

৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ এই নিৰ্দেশনা জাৰি।

শৰৎ মানেই যেন শাৰদীয় উৎসৱ। শৰৎ মানেই যেন মা দুৰ্গাৰ আগমন। শৰৎ যেন শেৱালীৰ সুৱাস। শৰৎ মানেই যেন কহুঁৱা ফুলাৰ বতৰ। নৈৰ পাৰত কহুঁৱা ফুলাৰ বতৰত শেৱালীৰ সুৱাত ধৰালৈ আগমন দুর্গতিনাশিনী দেৱী দুৰ্গাৰ।

ৰাজ্যজুৰি এতিয়া মা দুৰ্গাক আদৰাৰ ব্যপক প্ৰস্তুতি। দিনে নিশাই ব্যস্ত মৃৎ শিল্পীসকল। ইতিমধ্যে মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত শিল্পীসকল। কাইলৈ মহাষষ্ঠী। বেলবৰণেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱীদুৰ্গাক। দশভূজাৰ বন্দনাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ন ন থীমেৰে নিৰ্মাণ আকৰ্ষণীয় পূজা মণ্ডপ। আলোকসজ্জাৰে ভক্তক চমক দিবলৈ সাজু পূজা কমিটী। পূজাৰ বজাৰত গ্ৰাহকৰ অভাৱনীয় ভিৰ। মুঠৰ ওপৰত সকলোফালে কেৱল পূজাৰ উছাহ-উদ্দীপনা।

অন্যহাতে দুৰ্গা পূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ নিৰ্দেশনা। ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ এই নিৰ্দেশনা জাৰি।

  1. দুপৰীয়া ২ বজাৰ পৰা নিশা ২ বজালৈ বাহন চলাচলত নিষেধাজ্ঞা
  2. গণেশগুৰি উৰণসেতুৰ পৰা গণেশ মন্দিৰৰ সন্মুখেৰে হ’ব ONE WAY
  3. জু-ৰোডৰ পৰা গণেশ মন্দিৰৰ পথত সোমাব নোৱাৰিব বাহন
  4. গণেশগুৰিৰ হোলচেল মাৰ্কেট পথটো বাহন প্ৰৱেশত নিষেধাজ্ঞা
  5. বেলতলা তিনিআলিৰ পৰা জয়া নগৰলৈ ONE WAY
  6. ফটাশিলৰ ৬, ৭, ৮ ৰে’ল গেটেৰে যান-বাহন প্ৰৱেশত বাধা
  7. AT ৰোডত পাৰ্কিং কৰিব নোৱাৰিব বাহন
  8. শান্তিপুৰৰ প্ৰাগজ্যোতিষ কলেজৰ সন্মুখেৰেও বাহন চলাচলত বাধা
  9. নুনমাটিৰ বন্দনা পইণ্টৰ পৰা ৰিফাইনেৰীলৈ বাহন চলাচলত বাধা
  10. হাইক’ৰ্টৰ সন্মুখেৰেও গধূৰ বাহন চলাচলত নিষেধাজ্ঞা

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 11 =

Back to top button