ডুবাইদুৰ্ঘটনাপ্ৰতিৰক্ষাভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

ডুবাই এয়াৰ শ্ব’ ত প্ৰাণ হেৰুৱাইছিল ভাৰতীয় উইং কামাণ্ডাৰ নমাংশ শ্যালে

বিশেষ বিমানযোগে ভাৰতলৈ অনা হʼল নশ্বৰ দেহ

ডুবাই এয়াৰ শ্ব’ ২০২৫ত তেজছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ নমাংশ শ্যালে প্ৰাণ হেৰুৱাইছিল। দেওবাৰে পুৱা কয়ম্বটুৰৰ ছুলুৰ এয়াৰ বেছলৈ অনা হয় ডুবাই এয়াৰ শ্ব’ৰ সময়ত এল চি এ তেজছ দুৰ্ঘটনাত নিহত উইং কমাণ্ডাৰ নমাংশ শ্যালৰ নশ্বৰ দেহ । বিশেষ বিমানেৰে ভাৰতলৈ অনা হৈছিল ভাৰতীয় বায়ুসেনাৰ বিষয়াগৰাকীৰ নশ্বৰ দেহ।  সংযুক্ত আৰৱ আমিৰশ্বাহীৰ প্ৰতিৰক্ষা বাহিনীয়েও আনুষ্ঠানিকভাৱে তেওঁৰ সাহস আৰু সেৱাৰ স্বীকৃতি স্বৰূপে সন্মান প্ৰদান কৰে। ইউ এ ইত থকা ভাৰতীয় দূতাবাসে এক্সৰ এটা পোষ্টত লিখিছে, “ৰাষ্ট্ৰদূত দীপক মিট্টাল আৰু চি জি সতীশ শিৱনে প্ৰয়াত উইং কমাণ্ডাৰ নমাংশ শ্যালক শ্ৰদ্ধাঞ্জলি জনাইছে । আই এ এফৰ এখন বিশেষ বিমানে তেওঁৰ নশ্বৰ দেহ জন্মভূমি ভাৰতলৈ লৈ যায় । আৰৱৰ প্ৰতিৰক্ষা বাহিনীয়ে ভাৰতীয় সাহসী জোৱানজনলৈ গাৰ্ড অৱ অনাৰেৰে সন্মান প্ৰদৰ্শন কৰে ।” মৃত্যুৰ পিছত তেওঁ পত্নী, যি এগৰাকী ভাৰতীয় বায়ু সেনাৰ বিষয়া, ৬ বছৰীয়া কন্যা আৰু পিতৃ-মাতৃক এৰি থৈ যায় । ইফালে শ্যালৰ মৃত্যু খবৰ পোহৰলৈ অহাৰ লগে লগে তেওঁৰ জন্ম গাঁৱত শোকৰ ছাঁ পৰে । আত্মীয়, ওচৰ-চুবুৰীয়া আৰু স্থানীয় লোকসকলে দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে ।

মেহৰ চান্দে সংবাদ মাধ্যমক কয়, “এই দুৰ্ঘটনাৰ বিষয়ে জানি আমি সকলোৱে অতি দুখী । মানুহে তেওঁৰ ঘৰলৈ গৈ পৰিয়ালৰ খবৰ লৈছে আৰু আত্মা সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে । পৰিয়ালটো ইয়াত নাই, কিন্তু পৰিয়ালৰ আন সদস্যসকল ইয়াত আছে । তেওঁ আছিল গাঁৱৰ এজন প্ৰতিভাশালী সন্তান আৰু আমি তেওঁক লৈ গৌৰৱান্বিত। আমি মানি ল’ব পৰা নাই যে ইমান সাহসী কোনোবা এজন আমাৰ লগত নাই । সমগ্ৰ গাঁও শোকস্তব্ধ হৈছে ।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − eleven =

Back to top button