Assamassam policeleatest updatenationalnorth east

অবৈধ পপী খেতিৰ বিৰুদ্ধে মণিপুৰ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ স্থিতি।

বিগত ৭২ ঘণ্টাৰ ভিতৰত ৩১ হেক্টৰতকৈও অধিক পপী খেতি বিনষ্ট কৰিলে মণিপুৰ চৰকাৰে।

অবৈধ পপী খেতিৰ বিৰুদ্ধে মণিপুৰ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। বিগত ৭২ ঘণ্টাৰ ভিতৰত ৩১ হেক্টৰতকৈও অধিক পপী খেতি বিনষ্ট কৰিলে মণিপুৰ চৰকাৰে। আৰক্ষী, বন বিভাগ আৰু মণিপুৰ ৰাইফলছৰ যুটীয়া উদ্যোগত ৰাজ্যখনৰ উখৰুল জিলাৰ চামফুং পাহাৰীয়া এলেকাত থন ধৰি উঠা এই অবৈধ পপী খেতি নষ্ট কৰা হয়।

প্ৰথম দিনা ১৬ হেক্টৰ এলেকা বিয়পি থকা পপী খেতিৰ লগতে ২০টা জুপুৰী আৰু বহু পৰিমাণৰ জলসিঞ্চনৰ পাইপ, সাৰ, নিমখ, অপতৃণ বিনাশী আৰু পোক-পৰুৱা বিনাশী ঔষধ নষ্ট কৰি পেলায় অভিযানকাৰী বাহিনীয়ে। দ্বিতীয় দিনাও ফালি-তোৰা-চামফুং পাহাৰত থকা অন্য ১৫ হেক্টৰ পপী খেতি নষ্ট কৰি ২৫টা জুপুৰী জ্বলাই দিয়া হয়।

অবৈধ ড্ৰাগ্ছৰ বিৰুদ্ধে মণিপুৰ চৰকাৰে লোৱা কঠোৰ স্থিতি অনুসৰিয়েই এই পপী খেতিসমূহ ধ্বংস কৰা হ’ল বুলি টুইটযোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে। উল্লেখনীয় যে মণিপুৰত সৃষ্টি হোৱা মেইটেই-কুকী সংঘৰ্ষৰ আঁৰত অবৈধ পপী খেতিৰো ভূমিকা আছে বুলি চৰ্চিত হৈ আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + one =

Back to top button