Educationভাৰত

CUET ত প্ৰযুক্তিগত বিসংগতিঃ শিক্ষাৰ্থীৰ হাহাকাৰ

কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰৱেশিকা পৰীক্ষাত বহাৰ পৰা বঞ্চিত ৫০ হাজাৰৰো অধিক শিক্ষাৰ্থী।

দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ দ্বাৰা আজি অনুষ্ঠিত হৈছিল স্নাতকোত্তৰ পাঠ্যক্ৰমৰ দ্বিতীয়লানি প্ৰৱেশিকা পৰীক্ষা। কিন্তু যথাসময়ত প্ৰশ্নকাকত আপলোড কৰাত সংস্থাই ব্যৰ্থ হোৱাৰ বাবে পৰীক্ষাত বহাৰ পৰা বঞ্চিত হয় দেশৰ ৫০ হাজাৰৰো অধিক শিক্ষাৰ্থী।

সময়মতে প্ৰশ্নকাকত নোপোৱাৰ ফলত পৰীক্ষা নিদিয়াকৈ উভটি আহিবলগা হয় ৫০ হাজাৰৰো অধিক শিক্ষাৰ্থী। বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া CUET ৰ দ্বিতীয়লানি পৰীক্ষাৰ সময়ত সংঘটিত হয় এই ঘটনা। প্ৰযুক্তিগত বিসংগতিৰ বাবেই নেশ্বনেল টেষ্টিং এজেন্সিয়ে প্ৰশ্নকাকত আপলোড কৰাত ব্যৰ্থ হয়। যাৰ ফলত এইদৰে পৰীক্ষা নিদিয়াকৈয়ে উভটি আহিবলগা হয় এইসকল শিক্ষাৰ্থী।

স্নাতকোত্তৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে আজি অনুষ্ঠিত হোৱা দ্বিতীয়লানি পৰীক্ষাৰ এই বিসংগতিৰ তথ্য উল্লেখ কৰে এনটিএৰ পৰীক্ষা সঞ্চালিকা সাধনা পৰাশৰে। পৰাশৰে পৰৱৰ্তী ১২-১৪ আগষ্টৰ ভিতৰত এইসকল শিক্ষাৰ্থীৰ বাবে পুনৰাই পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, বিগত ১৫-২০ জুলাইৰ ভিতৰত অনুষ্ঠিত হৈছিল প্ৰথমলানি প্ৰৱেশিকা পৰীক্ষা।

দেশৰ ২৯ খন চহৰৰ ৪১ টা পৰীক্ষা কেন্দ্ৰত এই বিসংগতি সংঘটিত হয়। দিল্লী আৰু লাডাখৰ উপৰিও অৰুণাচল প্ৰদেশ, অসম, ছত্তীশগড়, হাৰিয়ানা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, পুডুচেৰী, ৰাজস্থান, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগত থকা পৰীক্ষা কেন্দ্ৰত এই বিসংগতি ধৰা পৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.