AssamCMO AssamHimanta Biswa Sarmaঅসম
এফালে যদি ‘২৬ৰ বাবে টঙালি বান্ধিছে চৰকাৰে আনফালে…
পদত্যাগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

এফালে যদি ‘২৬ৰ বাবে টঙালি বান্ধিছে চৰকাৰে আনফালে আকৌ হাজাৰ প্ৰশ্নই মেৰিয়াই ধৰিছে চৰকাৰক।এইবাৰ পুনৰ ঋণ লোৱাক বাবে বিতৰ্কত সোমাই পৰিছে ৰাজ্য চৰকাৰ।যিহেতু পুনৰ ছেপ্টেম্বৰ মাহত ঋণ লোৱাৰ কথা আছে ৰাজ্য চৰকাৰে সেই সন্দৰ্ভতে আজিৰ দিনটোত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাত সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে-”কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই ,তেলেংগানা, কৰ্ণাটকে ঋণ লৈছে নে নাই?কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই তাৰ এখন তালিকা মোক দিয়ক,মই ৰাতিৰ ভিতৰত পদত্যাগ দিম”।পিছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত বিৰোধীয়ে কেনে প্ৰতিক্ৰিয়া দিব সেয়া লক্ষ্যণীয় হ’ব।
