অসমৰাজনৈতিক

BTCত একাংশ অসন্তুষ্ট ৰাজনৈতিক নেতা কৰ্মীয়ে ঢাপলি মেলিছে মন পছন্দৰ দল বিচাৰি

BTC ত এতিয়া দল ত্যাগ কৰা সকলৰ অভিযোগ অনেক

BTC নিৰ্বাচনৰ মনোনয়ন দাখিল কৰি প্ৰাৰ্থী সকল সাজু হৈছে প্ৰচাৰলৈ। কিন্তু ইয়াৰ মাজতে ইটো দলৰ পৰা সিটো দললৈ ঢাপলি মেলিছে একাংশ অসন্তুষ্ট ৰাজনৈতিক নেতা কৰ্মীয়ে। কোনোবাই যদি বিজেপি ত্যাগ কৰিছে, কোনোবাই UPPL। কোনোবাই আকৌ BPF ত যোগদান কৰিছে ।

মুঠতে BTC ত এতিয়া দল ত্যাগ কৰা সকলৰ অভিযোগ অনেক। কাৰোবাৰ ক্ষোভ টিকট বঞ্চনাৰ আৰু কাৰোবাৰ অভিযোগ প্ৰাৰ্থীৰ দুৰ্ব্যৱহাৰ ।

মঙলবাৰে ওদালগুৰি জিলাৰ মুদৈবৰী সমষ্টিৰ বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া-কাৰ্যকৰ্তাই দল ত্যাগ কৰে। ৩ জন VCDC ৰ চেয়াৰমেন সহ অৰ্ধশতাধিক বিজেপি কৰ্মীৰ দল ত্যাগ । EM দিগন্ত বৰুৱা, মণ্ডল সভাপতি নৱৰাজ বৰুৱাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ । দিগন্ত বৰুৱাৰ ব্যক্তিগত সহায়ক দিপাংকৰ ডেকাৰ দুৰ্ব্যৱহাৰো অভিযোগ পদত্যাগ কৰা বিজেপি কৰ্মী সকলৰ।

UPPL ত্যাগ কৰি BJP ত যোগদান মথণগুৰিৰ UPPL নেতাৰ। বিজেপিত যোগদান কৰিয়ে প্ৰমোদ বড়োক সমালোচনা ধীৰাজ ডেকাৰ । ইফালে, বাগানপাৰাত BPF-BJP এৰি UPPL ত যোগদান অৰ্ধশতাধিক ৰাজনৈতিক কৰ্মীৰ ।

মুঠতে, BTC ত পদত্যাগ যোগদানৰ পৰ্ব চলিছে। নিজৰ দলত আসোঁৱাহৰ বাবে যোগদান কৰিছে অন্য দলত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 6 =

Back to top button