লাগে মহিলা হিতাধিকাৰী, নালাগে জনপ্ৰতিনিধি! নিৰ্বাচনী সভাত ট্ৰে ধৰাতে শেষ নেকি নাৰীৰ দায়িত্ব? সবিশেষ…
২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত লক্ষণীয়ভাৱে হ্ৰাস পাইছে মহিলা প্ৰাৰ্থীৰ সংখ্যা। জানি আচৰিব হ'ব যে ২০২৬ৰ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মহিলাৰ সংখ্যা মাত্ৰ ৫৯ গৰাকী । মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলাৰ সংখ্যা মাত্ৰ ৮%। যিয়ে দেখুৱাইছে সত্যৰ আঁৰৰ আন এক সত্যতা।

জয়মতী, মূলাগাভৰু, চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা…এওঁলোক আছিল অসমীয়াৰ গৌৰৱ। সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিলৈ…সকলোতে আগবঢ়া অসমীয়া বিচক্ষণ নাৰী। কিন্তু এতিয়া নাই সেই সময়। হেৰাই গ’ল নেকি সেই সত্ত্বা? বৰ্তমান অসমত নাৰীৰ আসন ক’ত? ৰাজ্যৰ অৰ্ধেক শতাংশ ভোটাৰ মহিলা। কিন্তু তাৰ বিপৰীতে বিভিন্ন দলৰ প্ৰাৰ্থী তালিকাত মহিলা আঙুলিৰ মূৰত লিখিবপৰা। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত লক্ষণীয়ভাৱে হ্ৰাস পাইছে মহিলা প্ৰাৰ্থীৰ সংখ্যা। জানি আচৰিব হ’ব যে, আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মহিলাৰ সংখ্যা মাত্ৰ ৫৯ গৰাকী । মুঠ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলাৰ সংখ্যা মাত্ৰ ৮%। যিয়ে দেখুৱাইছে সত্যৰ আঁৰৰ আন এক সত্যতা।
প্ৰকাশ পোৱা তালিকা চাবলৈ গ’লে এইবাৰ নিৰ্বাচনত বিজেপিৰ ৮৮ জনীয়া তালিকাত মাথোঁ ৬গৰাকী মহিলা। মহিলা উপেক্ষিত শাসকীয় বিজেপি-অগপতো। অথচ মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণ কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। এতিয়া চাও আহক প্ৰকৃত তালিকাখন-
অজন্তা নেওগ: গোলাঘাট সমষ্টি
মাধৱী দাস: বীৰচিং-জৰুৱা সমষ্টি
জ্যোস্না কলিতা: ছয়গাঁও সমষ্টি
নিলিমা দেৱী: মঙলদৈ সমষ্টি
নিচো টেৰাংপী: ডিফু
ৰূপালী লাংথাচা: হাফলং
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সৰ্বমুঠ ৯৯ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। তাৰ ভিতৰত ১৪ গৰাকী মহিলা প্ৰাৰ্থী।
মীৰা বৰঠাকুৰ গোস্বামী: দিছপুৰ সমষ্টি
বিদিশা নেওগ: জালুকবাৰী
নন্দিতা দাস: হাজো-শুৱালকুছি
প্ৰণতী ফুকন: নাহৰকটীয়া
সাগৰিকা বৰুৱা: দেৰগাঁও
পল্লৱী শইকীয়া গগৈ: টীয়ক
সুৰুচি ৰয়: ৰামকৃষ্ণ নগৰ
ঝিঁলি চৌধুৰী:হোজাই
ৰিজুমণি তালুকদাৰ: মঙলদৈ
বেবী বেগম: গৌৰীপুৰ
চপালী মাৰাক:কোকৰাঝাৰ
গংগা জ্যোতি টাইড: মাজুলী
অঞ্জলি দেৱী: বৰমা
নন্দিতা গাৰ্লোচা: হাফলং
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ (AGP) দলে সৰ্বমুঠ ২৬ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । তাৰ ভিতৰত (AGP)-এ বঙাইগাঁৱৰ পৰা দীপ্তিময়ী চৌধুৰী একমাত্ৰ মহিলা প্ৰাৰ্থী। ইফালে নিৰ্বাচনত অসম জাতীয় পৰিষদ (AJP) দলে বিৰোধী মিত্ৰজোঁট ‘অসম সন্মিলিত মৰ্চা’ৰ অংশ হিচাপে সৰ্বমুঠ ১০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকৰ একমাত্ৰ মহিলা প্ৰাৰ্থী কুংকী চৌধুৰী। অসম বিধানসভা নিৰ্বাচনত ৰাইজৰ দল (Raijor Dal) বিৰোধী মিত্ৰজোঁট ‘অসম সন্মিলিত মৰ্চা’ৰ অংশ হিচাপে সৰ্বমুঠ ১৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাইজৰ দল প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা একমাত্ৰ মহিলাগৰাকী হৈছে ড° জ্ঞানশ্ৰী বৰা। BPFৰ ১১ জন প্ৰাৰ্থীৰ ভিতৰত শিউলী মহিলাৰী একমাত্ৰ মহিলা। ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) দলে মুঠ ১৬ জনীয়া প্ৰাৰ্থী তালিকাত এগৰাকী মহিলা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰিছে। সৰ্বভাৰতীয় ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF) দলে এতিয়ালৈকে ঘোষণা কৰা ৯ জনীয়া প্ৰাৰ্থী তালিকাত দুৰাকী মহিলা প্ৰাৰ্থীক স্থান দিছে।
ইয়াৰ উপৰিও পূৰ্বৰ তালিকা চাবলৈ গ’লে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অসমত মহিলা প্ৰাৰ্থী আছিল ৯১ গৰাকী। তাৰ পিছত ২০২১ চনত ৭৬ গৰাকী মহিলা প্ৰাৰ্থী আছিল। যিটো এইবাৰৰ নিৰ্বাচনত ৫৯ গৰাকীলৈ হ্ৰাস পাইছে। এই তথ্যৰ পৰা বুজিব পাৰি যে আজিৰ নাৰী কিমান উপেক্ষিত। উল্লেখ্য যে, ভাৰতীয় সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ বিষয়টো এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। এই আইনখন ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেনে এক সময়ত নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস হৈ অহাটো নিশ্চয়কৈ চিন্তাজনক।
ইয়াৰ কাৰণ কি? ৰাজনৈতিক ক্ষেত্ৰত অসমত মহিলাৰ দক্ষতাৰ অভাৱ হৈছে নেকি? হয়তো কেতিয়াবা সমৰ্থন নাইবা সংসাৰৰ দায়িত্ব! যিবোৰে ৰাজনীতিৰ পৰা ক্ৰমাৎ আঁতৰাই লৈ গৈছে তেওঁলোকক। কোৱা হয় বৰ্তমানৰ নাৰী পুৰুষৰ সমানেই শক্তিশালী। সময়ে সময়ে দাবীয়ো উত্থাপন হয় নাৰীক সম অধিকাৰ দিয়াৰ কথা। কিন্তু সেয়া ফলপ্ৰসূ হ’ব কেতিয়া? আজিৰ নাৰীৰ প্ৰয়োজন ভোট দিবলৈ। ব্যৱহাৰ কৰা হয় নিৰ্বাচনী প্ৰচাৰৰ বাবে। মানুহে কয় নাৰী অবিহনে কোনো অনুষ্ঠানৰ শুৱনি নাই। সেয়ে ডাঙৰ ডাঙৰ সভাত সম্বৰ্ধনা জনোৱা ট্ৰে ধৰিবলৈ সজাই পৰাই থিয় কৰোৱা হয় নাৰীক।
এতিয়াৰ সময়ত নিৰ্বাচনৰ সভা শুৱনি কৰিবলৈ লাগে মহিলা। সকলো নিৰ্বাচনী সভাৰ আগ ঠাই অধিকাৰ কৰে মহিলাই। বৰ্তমানৰ আধুনিক সমাজত মহিলা হিতাধিকাৰী লাগে, নালাগে জনপ্ৰতিনিধি! মহিলা ভোটাৰ লাগে, নালাগে মহিলা নেত্রী! কিন্তু প্ৰশ্ন অসমে আৰু কেতিয়াকৈ পাব চৈয়দা আনোৱাৰা টাইমুৰৰ দৰে মহিলা মুখ্যমন্ত্ৰী? আকৌ অসমে পাব নে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা দেৱী বৰকটকীৰ দৰে প্ৰভাৱশালী নেত্ৰী? নে ৰাজ্যৰ ৰাজনীতিত নাৰী সদায় উপেক্ষিত হৈ ৰ’ব তেওঁলোক?
লগতে পঢ়ক: নিৰ্বাচন সমাগত, ৰাজ্যত কিয় হ্ৰাস পাইছে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা?