AssamHimanta Biswa Sarmaleatest updateRegionalSocial
এইবাৰ ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
বিগত বৰ্ষত ৰোপণ কৰা গছপুলিসমূহৰ ৯০ শতাংশই জীৱিত থকাৰ দাবী মুখ্যমন্ত্ৰীৰ।
১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ অমৃতবৃক্ষ আন্দোলন। এইবাৰ ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে।
শুকুৰবাৰে দিছপুৰত এক সংবাদমেল সম্বোধন কৰি এইকথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অমৃতবৃক্ষ আন্দোলনৰ এটি নতুন APP ও মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে, বিগত বৰ্ষত ৰোপণ কৰা গছপুলিসমূহৰ ৯০ শতাংশই জীৱিত থকাৰ দাবী মুখ্যমন্ত্ৰীৰ।