ঢেঁকীৰ গুমগুমনিত মুখৰিত ৰাজ্য। অসমীয়াৰ হেঁপাহৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন। পিঠা-পনা, লাড়ু, আখৈ, চিৰাৰে ভৰিছে গাঁও-ভূঁই, নগৰ-চহৰৰ বজাৰ সমাৰ। গাঁৱে-ভূঞে আখলত ব্যস্ত মহিলাসকল। উলহ-মালহেৰে হেঁপাহৰ উৎসৱক আদৰিবলৈ যো-জা চলিছে প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ ঘৰত।
মাঘ বিহুৰ দিনা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে এসাঁজ উদৰ পূৰাই খাব অসমীয়াই। কিয়নো ভোগালী মানেই ভোগৰ আনন্দ। কৃষিজীৱী অসমীয়াই বছৰৰ ফচল ভঁৰালত ভৰাই মাঘৰ বিহুত আনন্দৰে এসাঁজ খোৱাৰ আছে পুৰণিকলীয়া পৰম্পৰা। উৰুকাৰ নিশা লগে-ভাগে মিলি হাঁহে-মাহে ভোজ খোৱাৰ পিছতে বিহুৰ দিনা মেজিক সেৱা কৰি কোমল চাউল, চিৰা-দৈ, গুড়ৰ জুতি লয় অসমীয়াই।
ভোগালী বিহুৰ সময়ত আমি গ্ৰহণ কৰা প্ৰত্যেক খাদ্যৰে আছে প্ৰচুৰ পুষ্টি। ঘৰৰ শাক-পাচলি, মাছ-মাংস, গাখীৰ-দৈ, চিৰাৰ পুষ্টিমূল্যৰ কথা আমি সকলোৱে জানো। উৰুকাৰ নিশা খোৱা হাঁহ-কোমোৰা, মাছ-মাংস, মাটিমাহ-কাঠ আলুৰ দাইল, অমিতা খাৰত সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়া প্ৰায়বোৰ উপাদানেই থাকে। ভোগালীৰ খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন, কেলছিয়াম, মেগনেছিয়াম, জিংকৰ দৰে বহু খনিজ পদাৰ্থ পোৱা যায়।
খাদ্য সম্ভাৰৰ ভাৰসাম্যতাৰ বিষয়ে ভালদৰেই জ্ঞাত অসমীয়া লোক। উৰুকাৰ নিশা মাছ-মাংস গ্ৰহণ কৰি বিহুৰ দিনা পুৱা মেজিক সেৱা কৰি অসমীয়া লোকে গ্ৰহণ কৰে দৈ, চিৰা, পিঠা-পনা, ঘৰতে প্ৰস্তুত কৰা মিঠাই। এই খাদ্যও স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। জা-জলপানত থকা প্ৰতিটো খাদ্যতে থাকে প্ৰচুৰ পৰিমাণে কেলছিয়াম। আনহাতে, বিহুৰ দিনা খোৱা মাহ-কৰাইত থকা আদাই আমাৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।
মুঠৰ ওপৰত ভোগালী বিহুৰ প্ৰতিটো খাদ্যতে থাকে যথেষ্ট পুষ্টিমূল্য। উৰুকাৰ নিশাৰ পৰা আৰম্ভ কৰি বিহুলৈকে খোৱা প্ৰতিটো খাদ্য়ৰ পৰা যথেষ্ট পৰিমাণে পুষ্টি আহৰণ কৰিব পাৰি। খাদ্যসম্ভাৰত চহকী অসমীয়াৰ পৰম্পৰাগত খাদ্য গ্ৰহণ কৰিলে সকলোৱে বহু পৰিমাণে শক্তি আহৰণ কৰাৰ লগতে নিৰোগী হৈ থাকিব পাৰিব।