ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। নতুন চৰকাৰ অহাৰ পাছতে বিগত মাহকেইটাত অসম আৰক্ষীয়ে এফালৰ পৰা গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছ সৰবৰাহকাৰীক।
গুৱাহাটী মহানগৰতো আৰক্ষীয়ে বহু ড্ৰাগছ সৰবৰাহকাৰী, মাফিয়াক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাৰ সময়তে বৃহস্পতিবাৰে গড়চুক আৰক্ষী থানা আৰু ISBT আৰক্ষীয়ে জব্দ কৰে কেইবালাখ টকাৰ নিষিদ্ধ হেৰ’ইন। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত যুটীয়াভাৱে অভিযান চলাই আৰক্ষীয়ে।
অভিযানৰ সময়ত আৰক্ষীৰ দলে ১৫০ গ্ৰাম হেৰ’ইন থকা ১০ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে।
A WGPD team led by the DCP arrested one Md Rekib (35) & another Md Ibungo (34), both from Saraibam, Manipur & seized 129 gms of heroin from their possession at ISBT, Guwahati today. Rekib is the driver of a bus (MN04 P 0844) that plies between Thoubal & Guwahati. pic.twitter.com/GKDC6aDR8c
— Guwahati Police (@GuwahatiPol) November 25, 2021
অভিযুক্ত দুজন ক্ৰমে ৰেকিব আৰু ইবুংগু বুলি চিনাক্ত কৰা হৈছে। দুয়োজন মণিপুৰৰ ছাৰাইবামৰ বাসিন্দা। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী। দুয়োয়ে মণিপুৰৰ পৰা ISBTলৈকে লৈ আহিছিল ড্ৰাগছখিনি।


