
মান্যবৰ,
কিছু সিদ্ধান্ত একান্ত ব্যক্তিগত হ’লেও তাক ফলপ্রসু কৰিবলৈ সমজুৱা সিদ্ধান্ত এটাৰ বৰ প্ৰয়োজন। মোৰ কথাটোও প্রায় তেনেকুৱাই। জীৱনে গতি সলনি কৰাৰ সময় হেনো এতিয়া। সুখত একেলগে হাঁহি, দুখত কান্দি গুজিবলৈ কান্ধ এখনৰ প্রয়োজন। সেয়েহে ভাবিছো বাকী থকা জীৱনটোৰ উশাহবোৰ ভগাই লওঁ। কথা মতেই কাম, মানে মোৰ বিয়া। ঘৰখনৰ উছাহ, এঘৰলৈ উলিয়াই দিয়া দ্বায়িত্ব আৰু হেপাঁহ। তাৰ পিছতো অজান শংকা এটাই হেঁচি ধৰে বুকু। এৰা, নতুন সময়, নতুন এখন ঘৰ। এখিনি সাহস গুজি দিবলৈ মোৰ বিশেষ দিনটোত আপুনি উপস্থিত নাথাকিব নে? আহিব লাগিব। বাট চাম আপোনালৈ।
প্রান্তত –
ৰিতু মণি ৰয় (কন্যা)
চৈলেন ৰয় (পিতৃ)
ৰিজু মণি ৰয় (মাতৃ)
তাৰিখ: ৫/১২/২০২৫
বিবাহৰ স্থান: অম্বিকা বিবাহ ভৱন
জু-ৰোড তিনিআলি, গুৱাহাটী
সময়: সন্ধিয়া ৪ বজাৰ পৰা
দৰাৰ আগমন; নিশা ১২ বজাত
মাজত মাথোঁ দিন হিচাপে আছিল দহটা দিন। ৫ ডিচেম্বৰত আছিল বিয়াৰ দিন। বিয়াৰ দিন ঠিক হোৱাৰ পিচৰে পৰাই পৰিয়ালটোৰ ব্যস্ততাৰ অন্ত নাই। সকলো ঠিকেই চলি আছিল। মিঠাই, খাদ্য-সামগ্ৰী, কাপোৰৰ, খোৱা বস্তু, ফাৰ্ণিচাৰ সকলো ঠিক কৰা হʼল; কিন্তু গাত মাহ-হালধী সানিবলৈ নহ’ল। হঠাতে সলনি হৈ গʼল সকলো। নিয়তিয়ে চাগে বিচৰা নাছিল শিৰত সেন্দুৰ ঘঁহি ৰিতুমণি ৰাঙলী হওঁক ! চৰম মানসিক অশান্তিৰ ঘটিল কৰুণ পৰিণতি। ৰিতুমণিয়ে লʼলে কৰ্মৰত কাৰ্যালয়তে জীৱনৰ শেষ সিদ্ধান্তটি।
বিয়াৰ চিঠি ছপা কৰি দুই এজন অতিথিক নিমন্ত্ৰণ দিয়া হৈছিল। কিন্তু গুৱাহাটীত এটা সংবাদ প্ৰতিষ্ঠানত বাতৰি পৰিৱেশক হিচাপে কৰ্মৰত ৰিতুমণিয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত ।
বিবাহৰ বাবে মাজত ১০ দিন থকা সময়তে ৰিতুমণিয়ে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাৰ এটা কোঠাত সংঘটিত হৈছে এই ঘটনাটো। কোঠাটোত উদ্ধাৰ হৈছে শেষ সিদ্ধান্তৰ এটি টোকা। টোকাটোত লিখা আছে, “সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব।” শেষ সিদ্ধান্তৰ টোকাত লিখি থৈ গৈছে দেউতাকৰ ফোন নম্বৰ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
সংবাদ প্ৰতিষ্ঠানটোৰ সহকৰ্মীয়ছ সংবাদ মাধ্যমৰ আগত কয়, “দেওবাৰে পুৱাই ডিউটি কৰি আবেলি ৩ মান বজাৰ পিছত কাৰ্যালয়ৰ পৰা ওলাই গৈছিল। আজি আবেলিৰ ডিউটি বিচাৰিছিল । সেয়েহে আবেলি ডিউটি দিয়া হৈছিল। নিশা ১১ বজালৈ কাৰ্যালয় খোলা থাকে। তেতিয়া যুৱতীগৰাকী অহা নাছিল। তাঈ কেতিয়া আহিলে আমি গম পোৱা নাই। আজি মৰ্ণিং ডিউটি থকা কৰ্মচাৰীসকল কাৰ্যালয়লৈ পুৱা ৭ বজাত অহাৰ পিছত তেওঁক এই অৱস্থাত প্ৰত্যক্ষ কৰিছিল।” সংবাদ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীগৰাকীয়ে লগতে কয়, “আমাৰ কাৰ্যালয়ৰ ছাবি এই ভৱনটোৰ ছিকিউৰিটিৰ হাতত থাকে, কৰ্মচাৰীসকলে খুলি ল’ব পাৰে । সেয়ে তেওঁ কাৰ্যালয়লৈ আহি এই পন্থা বাচি ল’লে।”
অন্যহাতে যুৱতীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, “অহা ৫ ডিচেম্বৰত বিয়া। বিয়াৰ বাবে সাজু হৈছিলোঁ। ছোৱালীয়ে মোক সকলো বজাৰ কৰিবলৈ কৈছিল। তেনেস্থলত তাই যে এনেকুৱা কৰিব ভবাই নাছিলো। তাইৰ কাৰো লগত কাজিয়া হোৱা নাছিল। তাই নিজেই চিঠি ছপাইছে। দৰাঘৰৰ মানধৰা কাপোৰ তাই নিজে কিনিব বুলি কৈছিল। ফাৰ্ণিচাৰো তাই নিজেই কিনিব খুজিছিল। সকলো ঠিকেই চলি আছিল । বিয়াৰ বাবে মিঠাই, খোৱাৰ সামগ্ৰী, কাপোৰ, ফাৰ্নিচাৰ সকলো ঠিক কৰা হৈছিল। তাই কোৱাৰ্টাৰত ঠাইৰ অভাৱৰ বাবে হাতীগাঁৱত ভাড়াঘৰত থাকিছিল। প্ৰায় ডেৰ বছৰৰ পৰা বান্ধৱীৰ সৈতে হাতীগাঁৱত ভাড়াঘৰত থাকিছিল। হঠাতে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে।”
বিধিয়ে ইমানলৈকেহে ৰিতুমণিৰ জীৱন কাহিনী লিখিছিল। কপালৰ নিখনি নহয় খণ্ডন। কিন্তু বিবাহৰ মাত্ৰ দহ দিন পূৰ্বে নিজ কৰ্মৰত কাৰ্যালয়তে ৰিতুমণিয়ে লোৱা এনে এটি সিদ্ধান্তই চিন্তিত কৰিছে নেতিজনক।
