অসমৰাজনৈতিক

শʼলঠেকত মুখ্যমন্ত্ৰী

দলৰ কৰ্মীয়েই কৰিলে বিৰুদ্ধাচৰণ

সৰ্বত্ৰে মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিৰ ব্যাপক চৰ্চা। মাহিলি ১২৫০ টকাকৈ মহিলা সকলক ধন দি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই মহিলা সকললৈ এক প্ৰকাৰে আগবঢ়াইছে সাহাৰ্য। কিন্তু বিগত মুখ্যমন্ত্ৰীৰ এখন ৰাজহুৱা সভাত, যʼত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি কৰা হৈছিল, মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে আগন্তুক ২০২৬ ৰ নিৰ্বাচনত জয়ী হʼলে মিঠাতেল ৰেহাই মূল্যত প্ৰদান কৰা হʼব। মুখ্যমন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ পিছত এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই যে, আমাক মিঠাতেল নালাগে, আমাক অৰুণোদয় আঁচনিৰ ধন নালাগে, আমাক জুবিন গাৰ্গৰ ন্যায় লাগে।” এই ঘটনাৰ পিছতে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল বিষয়টি। মাইনা বেগম নামৰ মহিলাগৰাকীৰ এনে মন্তব্যৰ পিছতে একাংশই সামাজিক মাধ্যমত লিখিছে, “মাইনা তোমাক অৰুণোদয় নালাগে কথা নাই ,‌ কিন্তু আমাৰ আই মাতৃ সকলৰ প্ৰয়োজন আছে।
মাইনা বেগম ৰ স্বামী পুলিচত চাকৰি কৰে,
তেওঁৰ অগাধ সম্পত্তি আছে।
তেওঁ নিৰ্বাচন প্ৰতিদ্বন্দিতা কৰিছিল, গতিকে ৰাইজক ভুলপথে পৰিচালিত কোনে কৰি আছে, সূৰ্যৰ পোহৰৰ দৰে সত্য।”

কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে এক বিশেষ তথ্য। মূখ্যমন্ত্ৰীৰ সভাত গৈ আমাক মিঠাতেল, অৰুণোদয় নালাগে আমাক জুবিন দাৰ ন্যায় লাগে বুলি শ্লোগান দিয়া মিঞা মূছলমান মহিলা গৰাকী বিজেপিৰ সদস্য আছিল। কিয় মুখ্যমন্ত্ৰীৰ ঘৰৰ দলৰ কৰ্মী হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাত‌ মাতিলে মহিলাগৰাকীয়ে? কিয় শʼলঠেকত পেলালে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক ?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + nineteen =

Back to top button