শুকুলা আৱেশৰে কঁহুৱা ফুলিছে। জটিল সময়ৰ অশান্ত মনত শান্তিৰ পৰশ বোলাই শৰতে আনিছে কঁহুৱা শুকুলা ফুল।
শৰতৰ বতৰা লৈ লুইতৰ চাপৰিত,কলঙৰ বালিত, জান, জুৰি, নিজৰাৰ পাৰত কঁহুৱা ফুলৰ শুকুলা চাদৰৰ আচ্ছাদন।
শৰৎ মাথোঁ এটি ঋতু নহয় ই সৌন্দৰ্য্য মধুৰতাৰ প্ৰতীক। প্ৰকৃতিৰ স্বত্ৰছায়াত আহিনৰ বোকোচাত উঠি আগমন ঘটে, ঋতুৰ ৰাণী শৰতৰ। সকলোৰে মাজত আনন্দৰ বতৰা কঢ়িয়াই আনে। য’ত মধুময় আন্তৰিকতাৰ নিদৰ্শন জাগে। শৰৎ মানেই, কহুঁৱা নিয়ৰ সিক্ত দূৱৰি-বনৰ স্বচ্ছল মাদকতাই প্ৰকৃতিৰ চৌদিশে মন-প্ৰাণ চঞ্চল কৰি সুভাষিত কৰে। শৰৎ বুলিলেই, বুকুত স্পন্দিত হয় মায়াসনা আবেগ অনুভূতি। জাগ্রত হয়, আশাৰ প্ৰত্যয়ৰ ৰাগিনী।
শেৱালিৰ সুবাসত বিলীন হৈ যায়, প্ৰতিটো শাৰদীয় পুৱা। শুভ্র শেৱালি ফুলে মন মতলীয়া কৰে, ছন্দোময়ী কৰি তোলে লগতে প্ৰত্যেকজন ব্যক্তিৰ ক্লান্তি, অৱসাদ, জীয়াই থকাৰ তাড়না, হতাশা, হুমুনিয়াহ একাষৰীয়া কৰি এটি ক্ষণৰ বাবে বিচাৰি পায় প্ৰকৃতিৰ শৰতৰ সুবাসত আশাৰ পাপৰি, জানোছা এক সম্ভাৱনাৰ ৰেঙণি। নিয়ৰ সৰা দুৱৰিত হেঁপাহৰ সপোন সামৰে কবিৰ শুকুলা পাতত শব্দ হৈ।
শৰৎ হৈছে, ঋতুৰ উৎসৱ। এই শৰৎ কালতেই, দূৰ্গা পূজা উদ্যাপিত হয়। ই-সৰ্ব শক্তিৰ আধাৰত শক্তিৰূপী, দূৰ্গতিনাশিনী, মাঁ-দূৰ্গা ধৰাৰ বুকুলৈ নামি আহি সকলোৰে দুখ-দুৰ্দশা, ভ্ৰষ্টাচাৰ-অনাচাৰ, মিথ্যাচাৰ পৰিহাৰ কৰিবলৈ মানুহ ৰূপী অসুৰ বোৰক বধ কৰি সমাজত শান্তিৰ বন্যা কঢ়িয়াই আনে। শৰতৰ আগমনে শ্ৰী কৃষ্ণৰ ৰাসৰ বতৰা আনে, শাৰদীয় ৰাস পূৰ্ণিমাতে কৃষ্ণ প্ৰেমৰ অন্যান্য নিদৰ্শন দেখা যায় অসমীয়াৰ হৃদয়ত।
ইয়াৰ উপৰিও এই ঋতুতেই, কালিপূজা, লক্ষ্মীপূজা, দীপান্বিতা, কাতি বিহু আদি পালন কৰা হয়। এইদৰেই, শৰতৰ আগমনে ৰূপহী অসমক অপৰূপ সৌন্দৰ্য্যৰে মোহিত কৰি তোলে। সঁচাকৈ অনন্য এই শৰৎ ঋতু। শৰৎ কেৱল ঋতুৱেই নহয়, ই জন-জীৱনৰ সু-উদ্ভাসিত নান্দনিকতাৰ বাৰ্তাবাহক।
কলিয়াবৰৰ পৰা ৰাজ হাজৰিকা