বৰ্তমান সময়ত সমাজত হোৱা ধৰ্মকেন্দ্ৰীক সংঘাতৰ সময়তে পঞ্জাৱৰ এখন গাঁৱত তিনিটা সম্প্ৰদায়ৰ লোকে দাঙি ধৰিলে সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন৷
পঞ্জাৱৰ ম’গা জিলাৰ ভালুৰ গাঁৱৰ কাহিনীয়ে এতিয়া মন মুহিছে বহুতৰে। কিয়নো এই গাঁৱৰ লোকসকলে দেখুৱাইছে সম্প্ৰীতিৰ আদৰ্শ। গাঁওখনত থকা বহু হিন্দু আৰু শিখ পৰিয়ালৰ ভিতৰত মাত্ৰ ৪ টা পৰিয়ালহে মুছলমান সম্প্ৰদায়ৰ৷ পূৰ্বৰে পৰা গাঁওখনত আছে দুটা মন্দিৰ আৰু সাতটা গুৰুদ্বাৰ৷ কিন্ত গাঁওখনত নাই কোনো মছজিদ। ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত যদিও ভালুৰ গাঁৱত মছজিদ আছিল, সময়ৰ সোঁতত সেয়া ক্ৰমাৎ বিধ্বস্ত হৈ পৰিল। গাঁওখনত এটা মছজিদ নিৰ্মাণৰ বাবে ঠাই বিচাৰি কিছুদিন পূৰ্বে মুছলমান সম্প্ৰদায়ৰ লোকসকলে আবেদন জনাইছিল ভালুৰ গাঁৱৰ শিখ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলক৷
মুছলমান লোকসকলৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই গাঁৱৰ হিন্দু-শিখ ৰাইজে মিলিত হৈ মছজিদ নিৰ্মাণৰ বাবে আগবঢ়ালে দান-বৰঙণি৷ প্ৰতি গৰাকী গঁঞাই এশ টকাৰ পৰা এক লাখলৈকে বৰঙণি আগবঢ়োৱাৰ লগতে ভালুৰ গাঁৱৰ গাঁওবুঢ়াৰ নেতৃত্বত সৰ্বসন্মতিক্ৰমে শ্ৰী সৎসংগ বিহাৰ গুৰুদ্বাৰৰ সমীপতে আৰম্ভ কৰিলে মছজিদ নিৰ্মাণৰ কাম। আধাৰশিলা কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত মছজিদ চৌহদতে গাঁওবাসীয়ে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে আয়োজন কৰিলে প্ৰীতিভোজ৷
গাঁওবাসীৰ সহায়-সহযোগিতাত এতিয়া ধন্য হৈ পৰিছে পঞ্জাৱৰ ভালুৰ গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকসকল।