ইতি পৰিল এক সুৰীয়া যাত্ৰাৰ… ৯২ আৰু “ASHA TAI”
দেওবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কিংবদন্তি আশা ভোছলেৰ...

ইতি পৰিল এক সুৰীয়া যাত্ৰাৰ…
দেওবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কিংবদন্তি আশা ভোছলেৰ… ১৯৩৩ চনৰ ৮ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে… এদিন পূৰ্বে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল মুম্বাইৰ হাস্পতালত… শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ সংগীত জগতত শোকৰ ছাঁ… সাংস্কৃতিক জগতৰ একাধিক সৰ্ব্বোচ্চ সন্মানেৰে সন্মানিত তেওঁ… ২টা নেচনেল ফিল্ম এৱাৰ্ড, ৪টা BFJA, ১৮টা মহাৰাষ্ট্ৰ ৰাজ্যিক ফিল্ম এৱাৰ্ডৰে সন্মানেৰে সন্মানিত হৈছিল আশা…
আশা ভোছলে কি কি বঁটাৰে সন্মানিত হৈছিল :
1. ৯টা ফিল্ম ফেয়াৰ সন্মান
2. জীৱনজোৰা সাধনা বঁটা
3. ২০০০ চনত দাদা চাহেব ফাল্কে সন্মান
4. ২০০৮ চনত পদ্ম বিভূষণ
5. ২০১৮চনত বংগ বিভূষণ
6. ২০২১ চনত মহাৰাষ্ট্ৰ বিভূষণ… আৰু অন্যান্য বহুতো…
১৯৪৯ চনত “ৰাত কী ৰাণী” আছিল প্ৰথমটো হিন্দী গীত…
“মাঝা বাল” (১৯৪৩) নামৰ মাৰাঠী ছবিখনত তেওঁ ‘চলা চলা নাৱ ব’লা’ শীৰ্ষক তেওঁৰ প্ৰথম বোলছবিৰ গীতত কণ্ঠ নিগৰাইছিল…
১৯৪৮ চনত “চুনাৰীয়া” ছৱিৰে হিন্দী ছৱিজগতত প্ৰৱেশ
শাস্ত্ৰীয় সংগীত, পপ, গজল, ভজন, আধুনিক গীত গোৱাৰ তেওঁৰ প্ৰতিভা আছিলে…
কেইবাটাও আশা ভোছলেৰ কালজয়ী গীতৰ তালিকাত হিট গানৰ ভিতৰত এইকেইটা শীৰ্ষত বুলি ক’ব পাৰি :
1. ‘পিয়া টু আব তো আজা’ – Piya Tu Ab Toh Aaja
2. ‘দম মাৰো দম’ – Dum Maaro Dum
3. ‘চুৰা লিয়া হায় তুমনে জো দিল কো’- Chura Liya Hai Tumne Jo Dil Ko
4. ‘ঝুমকা গিৰা ৰে’- Jhumka Gira Re
5. ‘য়েহ মেৰা দিল’- Yeh Mera Dil
6. ‘দিল চেজ ক্যা হায়’- Dil Chij Kya Hai
7. ‘অ’ মেৰে সোনা ৰে’- O Mere Sona Re
8. ‘ইন আঁখো কি মস্তি কে মস্তানে হাজাৰোণ হ্যেই’- In Aankhon Ki Masti আদি…
ভূপেন হাজৰিকাৰ পৰিচালনাৰ “মন প্ৰজাপতি” ছৱিৰ “অভিমানী বন্ধু”, “মেঘালী” এলবামৰ “মিলনৰ মাধৱী”, NK প্ৰডাকছ্যনৰ “দূৰে-দূৰে”, NK প্ৰডাকছ্যনৰ “নাযাবা আঁতৰি”, ভূপেন হাজৰিকাৰ নিৰ্দেশনাত ভালকে পুনৰ গীতত কণ্ঠদান কৰিছিল আশাই… হিন্দী ভাষাৰ উপৰিও ২০ টাতকৈ অধিক দেশী-বিদেশী ভাষাত ১২ হাজাৰ গীতত কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে…